Home মুখ্য পৃষ্ঠা বলীউডৰ অভিনেতা বিজয় খুটেৰ মৃত্যুঃ জনপ্ৰিয় হৈছিল শ্ব’লেৰ কালিয়া চৰিত্ৰৰ জৰিয়তে

বলীউডৰ অভিনেতা বিজয় খুটেৰ মৃত্যুঃ জনপ্ৰিয় হৈছিল শ্ব’লেৰ কালিয়া চৰিত্ৰৰ জৰিয়তে

23
0

মুম্বাইঃ বলীউডৰ হিন্দী ছবিৰ লগতে মাৰাঠা ভাষাৰ বিভিন্ন বোলছবিৰ জনপ্ৰিয় অভিনেতা বিজয় খুটেৰ কালি নিচেই পুৱাতে পৰলোকপ্ৰাপ্তি ঘটে। তেওঁৰ পৰিয়ালৰ সূত্ৰই অৱগত কৰা মতে পুৱা ৬.৫৫ বজাত শুই থকা অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰে।

যোৱা কিছুদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ থকা বিজয় খুটে বিভিন্ন অংগ নি¦ক্ৰীয় হৈ পৰিছিল। উল্লেখ্য যে বোলছবিকে ধৰি বিভিন্ন চিৰিয়েল আৰু চুটী ছবিত তিনি শতাধিক চৰিত্ৰত অভিনয় কৰিছিল প্ৰয়াত অভিনেতাজনে।

তেওঁ জনপ্ৰিয় হৈছিল ‘শ্ব’লে’ ছবিত অভিনয় কৰা কালিয়া চৰিত্ৰৰ জৰিয়তে। ইয়াৰ পিছতো ‘আন্দাজ আপনা আপনা’ শীৰ্ষক ছবিখনৰ ৰৱাৰ্টৰ ভূমিকাত অভিনয় কৰি বিশেষভাৱে চৰ্চিত হৈছিল। এইগৰাকী জনপ্ৰিয় অভিনেতা ৭৭ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটাত বলিউডত শোকৰ ছাঁ পৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here