Home মুখ্য পৃষ্ঠা ৰাজ থাকৰেই ঘোষণা দলীয় সভাতঃ মহাৰাষ্ট্ৰৰ ১০০ আসনত প্ৰতিদ্বন্দ্বিতা এমএনএছৰ

ৰাজ থাকৰেই ঘোষণা দলীয় সভাতঃ মহাৰাষ্ট্ৰৰ ১০০ আসনত প্ৰতিদ্বন্দ্বিতা এমএনএছৰ

34
0

মুম্বাইঃ আগন্তুক মহাৰাষ্ট্ৰৰ বিধানসভাৰ নিৰ্বাচনত ৰাজ থাকৰে নেতৃত্বাধীন মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাই কমেও এশটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব। ইয়াৰ বাবে দলৰ নেতা-কৰ্মীসকলক সাজু হ’বলৈ নিৰ্দেশ দিলে দলৰ মুৰববী গৰাকীয়ে। উল্লেখ্য যে আজি মুম্বাইত এমএনএছ দলৰ এক কৰ্মীসভাত অংশ গ্ৰহণ কৰে ৰাজ থাকৰে।

দলীয় কৰ্মীসকলক তেওঁ কয় যে এমএনএছ দলে অহা দুদিনৰ ভিতৰত প্ৰাৰ্থী তালিকা ঘোষণা কৰিব। অহা ৪ অক্টোবৰলৈকে দলীয় মনোনয়ন দাখিল কৰাৰ অন্তিম সীমা আছে। নিজৰ বক্তব্যত থাকৰে কয় যে এইবাৰ নিৰ্বাচনত তেওঁৰ দলে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব। ৰাইজে তেওঁৰ দলক পূৰ্বৰ দৰেই আকোৱালী ল’ব বুলি আশা কৰিছে।

কিছুদিনৰ পূৰ্বে এনফৰ্চমেণ্ট বিভাগে ৰাজ থাকৰেক জেৰা কৰিছিল। আয়তকৈ অধিক সম্পত্তি আহৰণ কৰাৰ গোচৰত এনফৰ্চমেেণ্ট জেৰাৰ কৰাৰ পিছৰে পৰা নীৰৱ হৈ আছিল এমএনএছৰ মুৰববীজন। সেয়েহে নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দ্বিতা নকৰে বুলি একাংশই ধাৰণা কৰিছিল। কিন্তু আজিৰ দলীয় সভাত অংশ গ্ৰহণ কৰাৰ লগতে কেইবাজনো ব্যক্তিয়ে এমএনএছ দলত যোগদান কৰে। ইয়াৰ পিছতে নিৰ্বাচনৰ বাবে নিজৰ পৰিকল্পনাৰ বিষয়ে দলীয় কৰ্মীসকলক অৱগত কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here