Home মুখ্য পৃষ্ঠা আইএনএক্স মিডিয়া গোচৰঃ দিল্লীত উচ্চ ন্যায়ালয়ে জামিন নিদিলে চিদাম্বৰমক

আইএনএক্স মিডিয়া গোচৰঃ দিল্লীত উচ্চ ন্যায়ালয়ে জামিন নিদিলে চিদাম্বৰমক

41
0

নতুন দিল্লীঃ ৩০৫ কোটি টকীয়া আইএনএক্স মিডিয়া কেলেংকাৰীৰ গোচৰত অভিযুক্ত প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমৰ জামিন আবেদন নাকচ কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে। ফলস্বৰূপে পৰৱৰ্তী তিনি অক্টোবৰলৈকে চিদাম্বৰমে তিহাৰ কাৰাগাৰতে আৱদ্ধ হৈ থকাটো নিশ্চিত হ’ল। উল্লেখ্য যে দিল্লী উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠৰ ন্যায়াধীশ সুৰেশ কুমাৰ কাইটে চিদাম্বৰমৰ জামিন আবেদন নাকচ কৰে।

ইয়াৰ কাৰণ হিচাপে ন্যায়াধীশ গৰাকীয়ে ব্যক্ত কৰে যে চিদাম্বৰম যিহেতু প্ৰভাৱশালী ব্যক্তি সেয়েহে তেওঁ এই গোচৰৰ সাক্ষী আৰু অন্যান্য সকলক প্ৰভাৱিত কৰাৰ সম্ভাৱনা নথকা নহয়। ইফালে চিবিআইৰ লগতে দেশৰ চলিচিটৰ জেনেৰেল তুষাৰ মেহতাই ব্যক্ত কৰে যে অভিযুক্ত চিদাম্বৰম বৰ্তমানেও ৰাজ্যসভাৰ সাংসদ। তেওঁ দেশৰ প্ৰাক্তন গৃহ আৰু বিত্ত বিভাগৰ মন্ত্ৰী। গতিকে এই গোচৰৰ প্ৰমাণ নষ্ট কৰিবলৈ চিদাম্বৰমে প্ৰচেষ্টা চলোৱাৰ সন্দেহ আছে।

প্ৰণিধানযোগ্য এয়ে যে যোৱা ২১ আগষ্টত চিবিআইয়ে চিদাম্বৰমক দিল্লীৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰু পোন্ধৰ দিন নিজৰ জিম্মাত ৰখাৰ পিছত সম্প্ৰতি তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। আইএনএক্স মিডিয়াৰ মুৰববী ইন্দ্ৰাণী আৰু পিটাৰ মুখাৰ্জীৰ পৰা উৎকোচ গ্ৰহণ কৰি ৩০৫ কোটি টকা বিদেশত বিনিয়োগৰ বাবে অনুমতি প্ৰদান কৰিছিল। ইয়াৰ বাবে কাৰাৰুদ্ধ চিদাম্বৰমৰ জামিন ন্যায়ালয়ে নাকচ কৰা পৰিলক্ষিত হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here