Home অসম আকৌ বঁটা পালে ৰীমা দাসেঃ উজলিল অৰ্পণা সেনৰ ‘ঘৰে-বাইৰে আজ’ৰ লগতে ‘বুল...

আকৌ বঁটা পালে ৰীমা দাসেঃ উজলিল অৰ্পণা সেনৰ ‘ঘৰে-বাইৰে আজ’ৰ লগতে ‘বুল বুল কেন ছিং’

34
0

দৈনন্দিন বাৰ্তা,ডিজিটেল সেৱাঃ পূৰ্বে তেৰটাকৈ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল ‘বুল বুল কেন ছিং’ নামৰ ৰীমা দাসৰ নতুন অসমীয়া চিনেমাখনে। এইবাৰ মুম্বাইত অনুষ্ঠিত জাগৰণ বোলছবি মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰে।

পশ্চিমবংগৰ প্ৰখ্যাত পৰিচালক অৰ্পণা সেনৰ সৈতে যুটীয়াভাৱে ৰীমাই এই সন্মান আজুৰি আনে। অৰ্পণা সেনৰ ‘ঘৰে-বাইৰে আজ’ শীৰ্ষক চিনেমাখনৰ বাবে আৰু ৰীমা দাসৰ ‘বুল বুল কেন ছিং’ চিনেমাই এই সন্মান লাভ কৰে। ইয়াৰ পূৰ্বে ‘ভিলেজ ৰকষ্টাৰ’ চিনেমাখনৰ বাবেও ৰীমাই জাগৰণ মহোৎসৱত শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছিল।

ৰীমাৰ এই নতুন চিনেমাখন বিশ্বৰ বিভিন্ন প্ৰান্তত ৪০ টা মহোৎসৱত অংশ লৈছে আৰু তেৰটা সন্মান লাভ কৰিছে। ভাৰত চৰকাৰেও এইখন চিনেমাৰ বাবে অসমীয়া ভাষাৰ ৰজত কমল বঁটা প্ৰদান কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here