Home অসম আত্মবিশ্বাসী হিমন্ত বিশ্ব শৰ্মাই ক’লেঃ উপ-নিৰ্বাচনৰ ৪ সমষ্টিতে জয়ী হ’ব বিজেপি

আত্মবিশ্বাসী হিমন্ত বিশ্ব শৰ্মাই ক’লেঃ উপ-নিৰ্বাচনৰ ৪ সমষ্টিতে জয়ী হ’ব বিজেপি

19
0

দৈনন্দিন বাৰ্তা,ডিজিটেল সেৱাঃ চলিত মাহৰ ২১ তাৰিখে ভোট গ্ৰহণ হ’বলগীয়া অসমৰ চাৰিটা বিধানসভা সমিষ্টিৰ উপ-নিৰ্বাচনত শাসকীয় বিজেপি দলে আটাইকেইটাতে জয়লাভ কৰিব। এই মন্তব্য ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ কয় যে অসমত এতিয়া বিৰোধী দলৰ অস্তিত্ব ৰাইজে বিচাৰি পোৱা নাই। বিৰোধীয়ে উপযুক্ত প্ৰাৰ্থী দিবলৈ মানুহ বিচাৰি নোপোৱা হৈছে। কেৱল নিৰ্বাচনত অৱতীৰ্ণ হ’ব লাগে কাৰণে বিৰোধীয়ে প্ৰাৰ্থী দিলেও ৰাইজে বিজেপিকে ভোট দিব।

গতিকে চাৰিওটা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী বিজয়ী হ’ব বুলি আত্মবিশ্বাসেৰে সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে মন্ত্ৰী হিমন্তই। উল্লেখ্য যে কালি হিমন্ত বিশ্বই ৰঙাপৰা সমষ্টিৰ উপ-নিৰ্বাচনৰ দলীয় প্ৰাৰ্থী ৰাজেন বৰঠাকুৰৰ লগত গৈ মনোনয়ন পত্ৰ দাখিলত উপস্থিত আছিল। মন্ত্ৰী হিমন্তৰ লগতে তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, ঢেকীয়াজুলিৰ সাংসদ অশোক সিংঘাল, বৰচলাৰ বিধায়ক গণেশ লিম্বু আৰু তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীয়েও উপস্থিত আছিল।

ৰাজেন বৰঠাকুৰৰ লগতে ৰঙাপৰা সমষ্টিৰ বাবে মুঠ পাঁচজন প্ৰাৰ্থীয়ে সমষ্টিটোৰ নিৰ্বাচনী বিষয়া দিগন্ত বৈশ্যৰ হাতত মনোনয়ন পত্ৰ দাখিল কৰে। কংগ্ৰেছৰ কাৰ্তিক কুৰ্মী, চিপিআইৰ ৰয়েল সুৰেং, এছইউচিআইৰ সঞ্জিত ৰাজবংশী, ভাৰতীয় গণ পৰিষদৰ অৰূপ কুমাৰ চৌধুৰীয়েও মনোনয়ন পত্ৰ দাখিল কৰে। ৰঙাপৰাৰ লগতে সোণাৰি, জনীয়া আৰু ৰাতাবাৰী সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব। বিজেপিয়ে সোণাৰিত নৱনীতা সন্দিকৈ, জনীয়াত তৌফিক ৰহমান আৰু ৰাতাবাৰীত বিজয় মালাকাৰক দলীয় মনোনয়ন প্ৰদান কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here