Home মুখ্য পৃষ্ঠা দেশত ঘণ্টাত ৫৩ টা পথ দুৰ্ঘটনা, মৃত্যু ১৭ জনৰঃ এবছৰতে দুৰ্ঘটনাত প্ৰাণ...

দেশত ঘণ্টাত ৫৩ টা পথ দুৰ্ঘটনা, মৃত্যু ১৭ জনৰঃ এবছৰতে দুৰ্ঘটনাত প্ৰাণ গ’ল ১,৪৭,৯১৩ৰ

18
0

দৈনন্দিন বাৰ্তা,ডিজিটেল সেৱাঃ দেশৰ বিভিন্ন ৰাজ্যত পথ দুৰ্ঘটনাই ভয়ানক ৰূপ ধাৰণ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ ৰাষ্ট্ৰীয় ঘাইপথ পৰিবহণ মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্যই এই দুৰ্ঘটনাৰ ছবিখন অধিক ভয়াৱহ কৰি তুলিছে। এই তথ্য অনুসৰি দেশত প্ৰতি ঘণ্টাত ৫৩ টা পৰ্যন্ত পথ দুৰ্ঘটনা সংঘটিত হয়।

আনহাতে এই দুৰ্ঘটনাত আক্ৰান্ত হোৱাসকলৰ মাজৰে ১৭ জনে প্ৰতিঘণ্টাত প্ৰাণ ত্যাগ কৰে। ইয়াৰে একাংশই দুৰ্ঘটনাৰ লগে লগে আৰু অন্য একাংশই চিকিৎসা গ্ৰহণৰ সময়তো প্ৰাণ হেৰুওৱা পৰিলক্ষিত হৈছে। প্ৰকাশিত তথ্য মতে ২০১৭ বৰ্ষত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে ১,৪৭,৯১৩ জন ব্যক্তিয়ে। ২০১৮ চনতো এই সংখ্যাৰ নিৰিখ বৃদ্ধিহে হৈছে। চলিত বৰ্ষৰ তথ্য অনুসৰি প্ৰতি ঘণ্টাত ৫৩ টা দুৰ্ঘটনাত পতিত হয় ভাৰতৰ বিভিন্ন প্ৰান্তৰৰ সৰ্বসাধাৰণ ৰাইজ।

এনেদৰে দুৰ্ঘটনাত পতিত আৰু ক্ষতিগ্ৰস্ত হোৱা লোকৰ সংখ্যা সৰ্বাধিক উত্তৰ প্ৰদেশত বেছি। ৰাজ্যখনত এটা বছৰত পথ দুৰ্ঘটনাৰ বাবে ২০,১২৪ জন ব্যক্তিয়ে প্ৰাণ হেৰুৱাব লগা হৈছে। ইয়াৰ পিছতে তামিলনাডুত প্ৰাণ হেৰুৱাইছে ১৬,১৫৭ জনে। এনেকৈয়ে ১০ হেজাৰতকৈ অধিক লোকে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা অন্যান্য ৰাজ্যকেইখন হ’ল কৰ্ণাটক, ৰাজস্থান আৰু মধ্যপ্ৰদেশ।

লক্ষণীয় বিষয় এয়ে যে বিগত বৰ্ষত লক্ষাদ্বিপত এটাও পথ দুৰ্ঘটনা সংঘটিত হোৱা নাই আৰু ইয়াৰ বাবেই এজনো লোকৰ মৃত্যু নঘটিল। অসমত ২০১৭ বৰ্ষত ২৭৮৩ জনে দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে। ২০১৮ বৰ্ষত এই পৰিসংখ্যা প্ৰায় ৩ হেজাৰ হোৱা বুলি প্ৰকাশ। অসমৰ বাহিৰে উত্তৰ-পূবৰ অন্যান্য ৰাজ্যসমূহত দুৰ্ঘটনাজনিত মৃত্যুৰ পৰিসংখ্যা যথেষ্ট কম। আনহাতে দিল্লীত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা অসমতকৈ প্ৰায় আধা বুলিব পাৰি। অন্যান্য ৰাজ্যত পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে জনসচেতনতা বৃদ্ধিৰ প্ৰয়াস চলোৱা হৈছে আৰু তাৰেই সুফল দিল্লীকে ধৰি উত্তৰাখণ্ড, গুৱা, হিমাচল প্ৰদেশ, জম্মু-কাশ্মীৰ আদি ৰাজ্যসমূহে ক্ৰমান্বয়ে লাভ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here