Home Breaking ১৭ অক্টোবৰলৈকে থাকিব লাগিব তিহাৰ কাৰাগাৰঃ চিদাম্বৰমৰ কাৰবাসৰ ম্যাদ বৃদ্ধি

১৭ অক্টোবৰলৈকে থাকিব লাগিব তিহাৰ কাৰাগাৰঃ চিদাম্বৰমৰ কাৰবাসৰ ম্যাদ বৃদ্ধি

34
0

নতুন দিল্লীঃ দেশৰ প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমে অহা ১৭ অক্টোবৰ পৰ্যন্ত তিহাৰ কাৰাগাৰত আৱদ্ধ হৈ থাকিব লাগিব। এদিনৰ পূৰ্বে দিল্লী উচ্চ ন্যায়ালয়ে জামিনৰ আবেদন অগ্ৰাহ্য কৰাৰ পিছত চিদাম্বৰমৰ অধিবক্তাই উচ্চতম ন্যায়ালয়ত জামিন আবেদন নতুনকৈ দাখিল কৰিছে। কিন্তু বিভিন্ন কাৰণত এই জামিনৰ শুনানী শীঘ্ৰে সম্পন্ন কৰাটো সম্ভৱ নহয়

ইতিমধ্যে এই বিষয়টো শুনানীৰ বাবে ন্যায়াধীশ এনভি ৰামন, সঞ্জীৱ খান্না আৰু কৃষ্ণা মুৰাৰীৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠ গঠন কৰি দিছে। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নিৰ্দেশত গঠিত এই বিচাৰপীঠে চিদাম্বৰমৰ জামিনৰ আবেদন পৰীক্ষা কৰিব।

যোৱা ২১ আগষ্টত চিবিআইয়ে আইএনএক্স মিডিয়াৰ গোচৰত চিদাম্বৰমক নিজৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰু এপষেক নিজৰ জিম্মাত ৰাখি তিহাৰ কাৰাগাৰলৈ প্ৰক্ষেপ কৰিছিল। ইয়াৰ পূৰ্বে একেটা গোচৰতে চিদাম্বৰমৰ সাংসদ পুত্ৰ কাৰ্তি চিদাম্বৰমকো চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল। ইন্দ্ৰাণী মুখাৰ্জী আৰু পিটাৰ মুখাৰ্জীৰ স্বীকাৰোক্তিৰ ভিত্তিতে পিতা-পুত্ৰ দুয়োকে চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছে আৰু দুয়ো পিতা-পুত্ৰ বৰ্তমানেও ভাৰতৰ উচ্চ আৰু নিম্ন সদনৰ সদস্য হৈ আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here