Home মুখ্য পৃষ্ঠা দিল্লী পালেহি বাংলা প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাঃ ৪ দিনীয়া ভ্ৰমণ কাৰ্যসূচীত এনআৰচি, তিষ্টাৰ...

দিল্লী পালেহি বাংলা প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাঃ ৪ দিনীয়া ভ্ৰমণ কাৰ্যসূচীত এনআৰচি, তিষ্টাৰ পানী, ৰোহিংগীয়া বিষয়ত হ’ব আলোচনা

31
0

নতুন দিল্লীঃ বিগত বৰ্ষৰ ডিচেম্বৰ মাহত পুনৰ বাংলাদেশৰ চৰকাৰৰ নেতৃত্ব বহন কৰিবলৈ সক্ষম হোৱা প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই চাৰিদিনীয়া ভ্ৰমণসূচীৰ নতুন দিল্লীত উপস্থিত হৈছে। দিল্লীৰ বিমান বন্দৰত বাংলা প্ৰধানমন্ত্ৰী গৰাকীক ভাৰতৰ মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী দেৱাশ্ৰী চৌধুৰী, বাংলাদেশস্থিত ভাৰতীয় হাইকমিছনাৰ ৰিভা গাংগুলী দাস, ভাৰতত থকা বাংলাদেশৰ হাইকমিছনাৰ চৈয়দ মৌজেম আলী, বহিপৰিক্ৰমা বিভাগৰ যুটীয়া সচিব বিক্ৰম ডুৰাইছামী আদিয়ে আদৰণি জনায়।

এই ভ্ৰমণৰ সময়ত বহুকেইটা বিষয়ত ভাৰত আৰু বাংলাদেশে দ্বিপাক্ষিক চুক্তিত স্বাক্ষৰ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ ভিতৰত অসমৰ এনআৰচিৰ পৰা নাম বাদ পৰা ১৯ লক্ষাধিক বাসিন্দাৰ ভৱিষ্যত সম্পৰ্কে বাংলা প্ৰধানমন্ত্ৰীয়ে ভাৰত চৰকাৰৰ পৰা স্পষ্ট স্থিতি দাবী কৰিব। ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আশ্বস্ত কৰি থৈছে যে অসমৰ এনআৰচিৰ পৰা বাদ পৰা লোকসকলক লৈ বাংলাদেশ চিন্তিত আৰু বিৰক্ত হোৱাৰ কাৰণ নাই।

তথাপি এই লোকসকলক বাংলাদেশলৈ যাতে খেদি পঠোৱা নহয় সেয়া মোডীৰ পৰা পোনপটীয়াকৈ নিশ্চয়তা দাবী কৰিব। ইয়াৰ উপৰিও ম্যানমাৰৰ পৰা খেদা খোৱা ৰোহিংগীয়াসকলে ভাৰততো বাহৰ পাতিছে তেওঁলোকক লৈ দুয়োদেশে সিদ্ধান্ত লৈ অহাৰ সম্ভাৱনা আছে। আনহাতে তিষ্টা নদীৰ ভাগ-বটোৱাৰা বিষয়টো বাংলা প্ৰধানমন্ত্ৰীয়ে স্থায়ীভাৱে সমাধান বিচাৰে।

তিষ্টাৰ লগতে অন্য সাতখন নদীয়ে ভাৰতৰ পৰা বাংলাদেশলৈ বৈ গৈছে আৰু এই নদীকেইখন দক্ষিণ ভাৰতৰ বাসিন্দাসকলৰ বাবে জীৱনৰেখা স্বৰূপ। সমান্তৰালভাৱে এই নদীকেইখনৰ পানীৰ ওপৰতে বাংলাদেশৰ একাংশ বাসিন্দাৰ জীৱন বৰ্তী আছে। এনেকৈয়ে একাধিক গুৰুত্বপূৰ্ণ আৰু দ্বিপাক্ষিক বিষয়ত বাংলা প্ৰধানমন্ত্ৰীক শ্বেখ হাছিনাৰ সৈতে মোডীয়ে চূড়ান্ত সিদ্ধান্ত লৈ অহাৰ সম্ভাৱনা নুই কৰা নাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here