Home মুখ্য পৃষ্ঠা বাল থাকৰেৰ নাতি আদিত্যৰ ১৬ কোটি সম্পত্তিৰ গৰাকীঃ আছে নিজৰ বিএমডব্লিউ গাড়ীঃ...

বাল থাকৰেৰ নাতি আদিত্যৰ ১৬ কোটি সম্পত্তিৰ গৰাকীঃ আছে নিজৰ বিএমডব্লিউ গাড়ীঃ উৰলি সমষ্টিৰ পৰা দাখিল কৰিলে মনোনয়ন

45
0

মুম্বাইঃ শিৱসেনা দলৰ প্ৰয়াত মুৰববী বাল থাকৰে নাতি তথা শিৱসেনাৰ যুৱ শাখাৰ অধ্যক্ষ আদিত্য থাকৰে স্থাৱৰ-অস্থাৱৰ সম্পত্তিয়ে মহাৰাষ্ট্ৰৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে। এইজন যুৱ নেতাই এইবাৰ মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনত শিৱসেনাৰ প্ৰাৰ্থী হিচাপে মুম্বাইৰ উৰলি সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰিছে।

মনোনয়ন পত্ৰৰ সৈতে শপতনামাৰ যোগে ঘোষণা কৰা সা-সম্পত্তিৰ পৰিমানে ৰাজনৈতিক মহলত খলকনি তুলিছে। তেওঁৰ সমুদায় সম্পত্তি মূল্য ১৬.০৫ কোটি থকা বুলি উল্লেখ কৰা হৈছে। তেওঁৰ স্থাৱৰ সম্পত্তিৰ মূল্য ৪.৬৭ আৰু অস্থাৱৰ সম্পত্তিৰ মূল্য ১১.৩৮ কোটি বুলি শপতনামাৰ জৰিয়তে প্ৰকাশ কৰিছে। বণ্ডৰ জৰিয়তে আদিত্যই ১০.৩৬ কোটি টকা বিনিয়োগ কৰাৰ লগতে শ্বেয়াৰ মাৰ্কেটত ২০.৩৯ লাখ টকা বিনিয়োগ কৰিছে। আদিত্যই এখন বিলাসী বিএমডব্লিউ গাড়ীৰ গৰাকী বুলিও স্বীকাৰ কৰিছে।

তেওঁ পৰিধান কৰা অলংকাৰৰ মূল্য ৬৪.৬৫ লাখ টকা। এনেকৈয়ে বিভিন্ন শিতানত বিনিয়োগ আৰু সম্পত্তি আহৰণৰ তথ্যৰে দাখিল কৰা যুৱ নেতা আদিত্যৰ তালিকাখন এতিয়া মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ বাবে বিশেষ চৰ্চিত বিষয় হৈ পৰা দেখা গৈছে। উল্লেখ্য যে আদিত্যৰ পিতৃ উদ্ধৱ থাকৰে হ’ল বৰ্তমান শিৱসেনাৰ অধ্যক্ষ। ইফালে মহাৰাষ্ট্ৰত এইবাৰ বিজেপি আৰু শিৱসেনাই আসনৰ ভাগ বটোৱাৰা কৰি নিৰ্বাচনত অৱতীৰ্ণ হৈছে। যদিহে পুনৰ ক্ষমতালৈ আহে তেনেহ’লে বিজেপিয়ে মুখ্যমন্ত্ৰীৰ পদ আৰু শিৱসেনাই উপ-মুখ্যমন্ত্ৰীৰ পদ দখল কৰিব বুলি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here