Home মুখ্য পৃষ্ঠা নগাঁৱৰ কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনাত 

নগাঁৱৰ কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনাত 

132
0

নগাঁৱৰ কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনাত 

=> নিহত ৪ ,অাহত১৮ জন ##

দৈনন্দিন বাৰ্তা LIVE@(দীপ জ্যোতি শইকীয়া)জিলা প্ৰতিনিধি,নগাঁও ,২৩ নৱেম্বৰ : অাজি পুৱাই নগাঁৱৰ কলিয়াবৰৰ আমগুৰিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নগাঁৱৰ পৰা উজনি মুৱা যাত্ৰী বাসী ট্ৰেভেলাৰ গাড়ীখনে আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ কাষত ৰৈ থকা ৰন্ধন গেছ ভৰ্তি ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত চাৰি জন লোক নিহত হোৱাৰ লগতে দুৰ্ঘটনাটোত ১৮ জনকৈ লোক গুৰুতৰ ভাবে আহত হ’ব লগা হয়। নোম’ন নামৰ As 02 ac 2739 নম্বৰৰ ট্ৰেভেলাৰ খন নগাঁৱৰ পৰা যোৰহাট  অভিমুখে গৈ থকাৰ সময়ত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা( speed  বেকাৰ )ত নিয়ন্ত্ৰণ হেৰুৱাই  NL 04D 5204 নম্বৰৰ ৰন্ধন গেছ পৰিবাহী ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষত ফলতে এই ভয়াবহ দুৰ্ঘটনাটো সংঘটিত হয়। উল্লেখ্য যে, নিহত সকল ক্ৰমে ম: চোৰাত খাঁ ( বৰদলং জখলাবন্ধা )
অসীম কুমাৰ দে ( মিছা, কলিয়াবৰ )
ডা° প্ৰকাশ বৰুৱা ( যোৰহাট )
দিলিপ দাস ( ট্ৰেভেলাৰ খনৰ চালক ,নগাঁও। আনহাতে
আহত সকল ক্ৰমে প্ৰাঞ্জল বৰা , সাগৰ হাজৰিকা (৪৭) খণীনদ্ৰ মহন্ত (৪০),আনোৱাৰ হুছেইন (৩২),দীপক    মাহতু(৪১), জয়ছোৱান চৌহান (৪৩),অমৰজিত চাহানী,আমিৰুদ্দিন শ্বেখ, জিনা শ্বেখ,হানিফ শ্বেখ ,  ভদ্ৰেশ্বৰ দাস, গণেশ বৰা, বীৰ কিশোৰ ছেত্ৰী, নব জ্যোতি বৰা, মানস মহন্ত,সংগীতা কামান, সিমান্ত হাজৰিকা।এই কেইজনক উন্নত চিকিৎসাৰ বাবে নগাওঁ আৰু তেজপুৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here