Home Breaking কাশ্মীৰৰ উপায়ুক্তৰ কাৰ্যালয়ত সন্ত্ৰাসবাদীৰ গ্ৰেনেড আক্ৰমণঃ অৰ্ধ শতাধিক আহত

কাশ্মীৰৰ উপায়ুক্তৰ কাৰ্যালয়ত সন্ত্ৰাসবাদীৰ গ্ৰেনেড আক্ৰমণঃ অৰ্ধ শতাধিক আহত

52
0

শ্ৰীনগৰঃ অশান্ত কাশ্মীৰত শনিবাৰে পুৱাই পাকিস্তানী সন্ত্ৰাসবাদীয়ে ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত কৰে। কিছুদিন ধৰি উপত্যকাটোত সন্ত্ৰাসবাদীয়ে বিশেষ কোনো কূটাঘাত সংঘটিত কৰিবলৈ সক্ষম হোৱা নাছিল যদিও আজি পুৱা পাকিস্তানী সন্ত্ৰাসবাদীয়ে কাশ্মীৰ উপত্যকাৰ অনন্ত নাগ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ক লক্ষ্য কৰি শক্তিশালী গ্ৰেনেড নিক্ষেপ কৰে। সন্ত্ৰাসবাদীয়ে নিক্ষেপ কৰা গ্ৰেনেড বিস্ফোৰণৰ ফলত এজন সাংবাদিককে ধৰি অৰ্ধ শতাধিক লোক গুৰুতৰভাৱে আহত হয়। অৱশ্যে এই ঘটনাত কোনো লোকৰ মৃত্যু ঘটাৰ বাতৰি পোৱা হোৱা নাই। আজি দিনৰ ১১ বজাত সংঘটিত গ্ৰেনেড আক্ৰমণৰ এই ঘটনাৰ পিছতে সমগ্ৰ অনন্ত নাগ অঞ্চলত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। এতিয়ালৈকে কোনো সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here