Home মুখ্য পৃষ্ঠা যোৰহাট ৱাকাফ সম্পত্তি পৰিদৰ্শন ” অসম ৱাকাফ বৰ্ড”ৰঃ

যোৰহাট ৱাকাফ সম্পত্তি পৰিদৰ্শন ” অসম ৱাকাফ বৰ্ড”ৰঃ

147
0

যোৰহাট ৱাকাফ সম্পত্তি পৰিদৰ্শন ” অসম ৱাকাফ বৰ্ড”ৰঃ  

প্ৰায় ৬০ বছৰে বে দখল হৈ থকা তৰাজান মছজিদৰ মহম্মদ চফি ৱাকাফ সম্পত্তি উদ্ধাৰ

================
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট, ২৩ নবেম্বৰঃ প্ৰায় ৬০বছৰে  যোৰহাট নগৰৰ মাজ মজিয়াৰ তৰাজান মছজিদৰ গাতে লাগি থকা প্ৰায় ৩০ লাখ টকাৰ অধিক “মহম্মদ চফি” ৱাকাফ সম্পত্তিতো আজি  অসম ৱাকাফ বৰ্ডৰ দুগৰাকী মহিলা বিষয়াই উদ্ধাৰ কৰিবলৈ সক্ষম হয় | তৰাজান মছজিদৰ গাতে লাগি থকা ৩৬৬ নং দাগ (পুৰণা) আৰু ৫৩৯ নং পট্টাৰ (পুৰণা) ১ কঠা ১২ লুচা ম্যাদি পট্টাৰ মাটি ১৯৩৫ চনতে সেই অঞ্চলৰে মহম্মদ চফিক নামৰ এজন ব্যক্তিয়ে উক্ত মছজিদটোৰ পৰিচালনাৰ বাবে দান দিছিল আৰু ১৯৫৯ চনত এই সম্পত্তি অসম ৱাকাফ বৰ্ডৰ নামত পঞ্জিয়ণ কৰা হৈছিল | কিন্তু অসম ৱাকাফ বৰ্ডৰ একাংশ বিষয়াৰ হেমাহিৰ বাবেই উক্ত সম্পত্তি সেই অঞ্চলৰে কিছু ব্যক্তিয়ৰ বেদখললৈ যায় আৰু ৱাকাফ বৰ্ডে ইয়াৰ পিছতেই হেৰুৱাব লগীয়া হৈছিল ৰাজহ | কিন্তু আজি বৰ্ডৰ দায়িত্বত থকা মূখ্য কাৰ্যবাহী বিষয়া তথা মুখ্যমন্ত্ৰীৰ অধীনত থকা  সংখ্যা লঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ যুটীয়া সচিব চৈয়দা হাছিনা মুৰৰ্ছিদ ৰহমান আৰু বৰ্ডৰ সহকাৰী পৰিদৰ্শক জান্নাতুন নাইমৰ উদ্যোগত আজি উক্ত সম্পত্তিটো উদ্ধাৰ কৰি সম্পতিটোত নাম ফলক আৰি দিয়ে । মহিলা বিষয়া দুগৰাকীয়ে যোৰহাট আৱৰ্ত ভবনৰ সভাগৃহত মহম্মদ চফি ৱাকাফৰ পৰিচালনা সমিতিৰ সৈতে আলোচনা কৰাৰ লগতে আজি সম্পত্তিটোত অবৈধ ভাবে বহি থকা লোক সকলৰ সৈতেও আলোচনা কৰে | এই আলোচনাৰ অন্তত দুয়ো পক্ষই  মিমাংসালৈ আহে আৰু উক্ত সম্পত্তিত বহি থকা লোকসকলে ৱাকাফ বৰ্ডৰ অধিনলৈ আহিবলৈ  বাধ্য হয়  | আনহাতে যোৰহাট নগৰত থকা মহাত্মা গান্ধী পথৰ মহম্মদ শ্বাহ ৱাকাফ সম্পত্তি, মিঠা পুখুৰীৰ সমিপৰ বেগম মফিদা আহমেদ (প্ৰাক্তন সাংসদ)ৰ ৱাকাফ সম্পত্তিও দুই মহিলা বিষয়াই আজি পৰিদৰ্শন কৰি সম্পতিটোৰ অবস্হা দেখি হতবাহ হয় | উল্লেখযোগ্য যে উক্ত সম্পত্তিটো বৰ্তমানে পৰিচালনাৰ দায়িত্বত থকা ফালাহ গুৱাহাটী স্থিত চছাইটিয়ে অৱহেলা কৰা অভিযোগ উত্থাপিত হৈছে | এই সম্পত্তিৰ সঠিক পৰিচালনা আৰু সংৰক্ষণৰ বাবে বৰ্ডৰ দুই বিষয়াই চছাইটিৰ সৈতে এক আলোচনাত বহিব বুলিও জানিব পৰা গৈছে | প্ৰণিধানযোগ্য যে ৰাজ্যৰ বহু স্থানত এনেদৰে ৱাকাফ সম্পত্তি বেদখল হৈ আছে | চৰকাৰে এই সম্পত্তি সমূহ উদ্ধাৰৰ বাবে অাশ্বাস দিছিল যদিও এতিয়ালৈকে কোনো পদক্ষেপ লোৱা পৰিলক্ষিত নহ’ল |

LEAVE A REPLY

Please enter your comment!
Please enter your name here