Home মুখ্য পৃষ্ঠা এছএম বৈদ্য ইণ্ডিয়ান অইল শোধনাগাৰ বিভাগৰ নতুন সঞ্চালক

এছএম বৈদ্য ইণ্ডিয়ান অইল শোধনাগাৰ বিভাগৰ নতুন সঞ্চালক

53
0

নতুন দিল্লীঃ শ্ৰীকান্ত মাধব বৈদ্যই ইণ্ডিয়ান অইল শোধনাগাৰ বিভাগৰ নতুন সঞ্চালক হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে। বৰ্তমান চেন্নাই পেট্ৰ’লিয়াম কৰ্প’ৰেচনৰ সঞ্চালক হিচাপেও কৰ্মৰত বৈদ্য মহাৰাষ্ট্ৰত স্থাপন হ’বলগীয়া বিশ্বৰ ভিতৰতে সৰ্ববৃহ ১ গ্ৰাছৰুট ৰিফাইনেৰী প্ৰকল্প প্ৰতি বৰ্ষত ৬০ মিলিয়ন মেট্ৰিকটন উৎপাদনক্ষম ৱেষ্ট ক’ষ্ট ৰিফাইনেৰী আৰু পেট্ৰ’কেমিকেল প্ৰজেক্টৰো সঞ্চালক। ইয়াৰ লগে লগে শ্ৰীবৈদ্যই বৰ্তমান ইণ্ডিয়ানঅইলৰ ৯ খন ৰিফাইনেৰী আৰু পেট্ৰ’কেমিকেল প্লান্টৰ নেতৃত্ব বহন কৰিছে।

প্ৰতি বৰ্ষত মুঠ ৮০.৭ মিলিয়ন মেট্ৰিকটন অৰ্থা১ প্ৰতি দিনত ১৬১.৪ বেৰেল শোধন ক্ষমতাৰে সবল এক সক্ষম ৰিফাইনেৰী বিভাগৰ সৈতে ইণ্ডিয়ানঅইল বৰ্তমান দেশৰ শীৰ্ষ ৰিফাইনাৰ। এন.আই.টি. ৰুৰকেল্লাৰ পৰা কেমিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক শ্ৰীবৈদ্য ৰিফাইনেৰী আৰু পেট্ৰ’কেমিকেল অপাৰেচনত ৩৩ বছৰৰ অভিজ্ঞতাপুষ্ট এক ব্যক্তি। ভাৰতৰ সৰ্ববৃহত ক্ৰেকাৰ প্লান্ট তথা ইণ্ডিয়ানঅইলৰ পেট্ৰ’কেমিকেল বিজনেচৰ এক মুখ্য চালক পানীপট নাফথা ক্ৰেকাৰ কমপ্লেক্সৰ লগত শুভাৰম্ভণিৰ পৰাই শ্ৰীবৈদ্য জড়িত হৈ আছে। ৰিফাইনেৰী-পেট্ৰ’কেমিকেলছ সংযোজনৰ সমূহ ক্ষেত্ৰতে অগাধ দখল থকা আৰু তেল আৰু গেছ উদ্যোগৰ দীৰ্ঘম্যাদী বহনক্ষমতা ৰক্ষাৰ বাবে আকাংক্ষীত শ্ৰীবৈদ্য দেশৰ তেল আৰু গেছ উদ্যোগৰ শীৰ্ষ টেকন’ক্ৰেটসকলৰ ভিতৰত অন্যতম ব্যক্তি।

পদোন্নতিৰ পূৰ্বে শ্ৰীবৈদ্যই ইণ্ডিয়ান অইলৰ ৰিফাইনেৰী সংমণ্ডলৰ অপাৰেচনছ বিভাগৰ মূৰব্বীৰূপে ৰিফাইনেৰীসমূহত সুস্থ গ্ৰছ ৰিফাইনিঙ মাৰ্জিন বজাই ৰখা, উৎপাদৰ মসৃন সৰবৰাহ আৰু পাৰিপাৰ্শ্বিকতাৰ অনুকূল বিজনেছ অপাৰেচনৰ কৰ্মত নিয়োজিত আছিল। তেওঁৰ নেতৃত্বতেই ৰিফাইনেৰী সংমণ্ডলে সকলো মুখ্য ফিজিকেল পাৰামিটাৰ্ছৰ এক অভিলেখ¸ স্থাপন কৰিছিল। ইয়াৰ উপৰিও তেওঁ দিল্লী এন.চি.আৰ. ক্ষেত্ৰত বি.এছ.-৬ মানৰ ইন্ধন সময়মতে যোগানৰ ব্যৱস্থা সুচল কৰাৰ লগতে জৈৱিক ইন্ধন আৰু ইথানল-মিশ্ৰিত ইন্ধনৰ যোগেদি গ্ৰীন এনাৰ্জী সম্বন্ধীয় প্ৰকল্পৰ গুৰি ধৰিছিল। শ্ৰীবৈদ্যই ৮ মিলিয়ন মেট্ৰিকটন উৎপাদনক্ষম মথুৰা ৰিফাইনেৰীৰ নেতৃত্ব দিয়াৰ সময়ত ৰিফাইনেৰীটোৱে উচ্চমানৰ বহনক্ষমতা আৰু লাভৰ মুখ দেখিছিল। প্ৰযুক্তি আৰু বিজনেছত শক্তিশালী দখল তথা মানুহ-কেন্দ্ৰিক নেতৃত্বৰ শৈলীৰে শ্ৰীবৈদ্য ইণ্ডিয়ানঅইলক সকলো দিশতে আগুৱাই নিবলৈ এক যোগ্য ব্যক্তি।

LEAVE A REPLY

Please enter your comment!
Please enter your name here