Home অসম আজি কাতি বিহু, ৩৬৭ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি মাজুলীৰ আউনীআটী সত্ৰৰ ২১...

আজি কাতি বিহু, ৩৬৭ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি মাজুলীৰ আউনীআটী সত্ৰৰ ২১ যোৰা বন্তি প্ৰজ্বলনেৰে আলোকিত হ’ব আকাশ

77
0

দৈনন্দিন বাৰ্তাৰ সেৱা, নামনি মাজুলীঃ উলহ-মালহেৰে নদীদ্বীপ মাজুলীটো পৰম্পৰা অনুসৰি গাঁৱৰ লগতে সত্ৰ অনুষ্ঠানসমূহতো কাতি বিহু উদ্যাপন কৰা হয়। মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰত পৰম্পৰাগতভাৱে কাতি বিহু পালন হয়।

এইলৈ সত্ৰখনত উৎসৱমুখৰ পৰিবেশ বিৰাজ কৰিছে। সত্ৰখনত প্ৰতিষ্ঠা কালৰে পৰা ৩৬৭ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি সত্ৰাধিকাৰ প্ৰমুখ্যে বৈষ্ণৱসকলে ২১ যোৰা বন্তি প্ৰজ্বলন কৰি সত্ৰখনৰ বৈষ্ণৱৰ লগতে বিশ্ববাসীৰ সুখ শান্তিৰ কামনা কৰে। কাইলৈ সেই উদ্দেশ্যে কাতি বিহুৰ দিনা পুৱাই বিভিন্ন কাৰ্যসূচীৰ পাছত বিয়লি ভাগলৈ সত্ৰখনৰ বৈষ্ণৱসকলে হিয়া নাম, দিহা নাম, নটুৱা নৃত্য, ওজাপালিৰে নামঘৰৰ চৌপাশ মুখৰিত কৰি সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামী ডেকা সত্ৰাধিকাৰৰ লগতে সত্ৰৰ বৈষ্ণৱ সকলে জয়ধ্বনি কৰি গায়ন-বায়ন, ঢোল-খোল, শংখ-ঘণ্টা,দবা-কাঁহ বজাই মূল নামঘৰৰ পৰা ওলাই আহি নামঘৰৰ সমীপৰ মুকলি আকাশৰ তলত বিশেষভাৱে বাঁহৰ খুটাৰে নিৰ্মাণ কৰাৰ প্ৰায় ৩০ ফুট উচ্চতাৰ ২১ জোৰা আকাশবন্তি প্ৰজ্বলনৰ শুভাৰম্ভ কৰিব পীতাম্বৰ দেৱ গোস্বামীয়ে ।

উক্ত অনুষ্ঠানত সত্ৰখনৰ ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী সহিতে সত্ৰখনৰ মুখিয়াল, বৈষ্ণৱসকলৰ লগতে স্থানীয় ৰাইজে এই পৰম্পৰাগত আকাশবন্তি প্ৰজ্বলন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। ইফালে, এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাগ লোৱাৰ কথা। ২১ গছি বন্তিৰ পোহৰেৰে আলোকিত হ’ব মাজুলীৰ আকাশ। আনহাতে মাজুলীৰ গড়মূৰ, দাক্ষিণপাট সত্ৰতো পৰম্পৰা অনুসৰি বিহুৰ দিনা আকাশ বন্তি প্ৰজ্বলন কৰি আহিছে। কাইলে এই পৰম্পৰা অনুসৰি বন্তি প্ৰজ্বলন কৰিব। মাজুলীত কেন্দ্ৰীয়ভাৱে কাতি বিহু উদ্যাপন ঃ ৰাজ্য চৰকাৰৰ উদ্যোগত মাজুলীত এইবাৰ কাতি বিহু কেন্দ্ৰীয় ভাৱে কাইলৈ পালন কৰিব।

ৰাজ্যৰ সাংস্কৃতিক সঞ্চালকালয়ে মাজুলী জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰিবলৈ লোৱা কাতি বিহু উদ্যাপনৰ এই কেন্দ্ৰীয় কাৰ্যসূচীৰ অংশ হিচাপে কাইলৈ মুখ্যমন্ত্ৰী সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কাতি বিহুত লখিমী আদৰাৰ পুৰাতন অসমীয়া পৰম্পৰা ৰক্ষা কৰি ৰাজ্যৰ চহা ৰাইজৰ কুশল কামনাৰ লগতে কৃষকৰ ভঁৰাল সম্বৃদ্ধ হোৱাৰ প্ৰাৰ্থনাৰে মাজুলীৰ মাজৰ দেউৰীগাঁৱৰ ধাননি পথাৰত বন্তি প্ৰজ্বলন কৰি সেৱা ল’ব। কাতি বিহুৰ পৰম্পৰা ৰক্ষাৰ এই কেন্দ্ৰীয় অনুষ্ঠানত ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে সন্মানীয় অতিথি, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, ধেমাজিৰ বিধায়ক ডাঃ ৰণোজ পেগু, টিংখঙৰ বিধায়ক বিমল বৰা আৰু মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়েও বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ কথা।

LEAVE A REPLY

Please enter your comment!
Please enter your name here