Home অসম ‘নীলকণ্ঠী’ উপন্যাসৰ স্ৰষ্টা বিশ্বজ্যোতি শৰ্মাক সাহিত্য সভাৰ বিশেষ যুৱ সাহিত্য বঁটাঃ জাতীয়...

‘নীলকণ্ঠী’ উপন্যাসৰ স্ৰষ্টা বিশ্বজ্যোতি শৰ্মাক সাহিত্য সভাৰ বিশেষ যুৱ সাহিত্য বঁটাঃ জাতীয় জীৱনৰ অভিন্ন অংগ ৰাধাগোবিন্দ বৰুৱাঃ ড০ৰাজবংশী

75
0
writer Bishwajyoti Sarmah received ‘singho purukh Radha Gobinda Baruah yubo sahitya bota’ by Prafulla Govinda Baruah ,Managing Director of The Assam Tribune and assam sahitya sabha president Paramananda Rajbongshi at Sahitya Sabha Bhawan,Guwahati on 17-10-19.pix by ub photos

 অইল ইণ্ডিয়াক ভাষা শ্বহীদ ৰঞ্জিত বৰপূজাৰী বঁটা

ডিজিটেল সেৱা, গুৱাহাটীঃ ‘অসমৰ জাতীয় জীৱনৰ অভিন্ন অংগ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা। ৰাধাগোবিন্দ বৰুৱাই নিজৰ জীৱন কালত অসমৰ সমাজ জীৱনৰ উত্তৰণৰ বােব গ্ৰহণ কৰা ব্যৱস্থাৰ বােব অসমীয়া জাতিয়ে তেওঁক সদায়ে মনত ৰাখিব। কটন বিশ্ববিদ্যালয়ৰ সহযোগত কালি সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ জন্ম জয়ন্তী উছৱ উপলক্ষে¸ অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত সভাপতিৰ আসনৰ পৰা এই মন্তব্য কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে।

সভাৰ প্ৰাৰম্ভতে উদ্দেশ্য ব্যাখ্যা প্ৰসংগত সভাৰ প্ৰধান সম্পাদক পদুম ৰাজখোৱাই সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা আৰু ভাষা আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি দুয়োৰে প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। উক্ত অনুষ্ঠানত যোৰহাট তিতাবৰৰ প্ৰাগজ্যোতিকা একাদেমিৰ ৰসায়ন বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক তথা উদীয়মান গল্পকাৰ-উপন্যাসিক বিশ্বজ্যোতি শৰ্মাক অসম সাহিত্য সভাৰ সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা বিশেষ যুৱ সাহিত্য বঁটা প্ৰদান কৰা হয়।

উল্লেখ্য, বিশিষ্ট সমালোচক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ আনন্দ বৰমুদৈ আৰু তেখেতৰ সদ্যপ্ৰয়াত সহধৰ্মিনী সাহিত্য একাদেমিৰ বঁটাপ্ৰাপক পূৰৱী বৰমূদৈৰ বৰ্ণিল জীৱন আধাৰিত গুৱাহাটীৰ এম আৰ পাব্লিকেশ্যনৰ দ্বাৰা প্ৰকাশিত নৱতম উপন্যাস ‘নীলকণ্ঠী’ৰ বাবে এই বঁটা সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ জন্ম জয়ন্তী উছৱ উপলক্ষে¸ অনুষ্ঠিত আড়ম্বপূৰ্ণ অনুষ্ঠানত ৰাধাগোবিন্দ বৰুৱাৰ পুত্ৰ তথা ‘দৈনিক অসম’ কাকতৰ সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱাই প্ৰদান কৰে।

সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীৰ পৌৰোহিত্যত অনুস্থিত সভাখনতে অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ উত্তৰণৰ বাবে বিশিষ্ট অৱদান আগ বঢ়োৱাৰ বাবে দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেডক অসম সাহিত্য সভাৰ সভাপতিৰ বিশেষ সন্মান ‘ভাষা শ্বহীদ ৰঞ্জিত বৰপূজাৰী বঁটা’ আগ বঢ়োৱা হয়। আজি সাহিত্য সভাৰ সভাপতিৰ হাতৰ পৰা অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য আৱাসিক বিষয়া প্ৰাণজিৎ ডেকাই এই বঁটা গ্ৰহণ কৰে।

সভাত সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ সুযোগ্য পুত্ৰ তথা ‘দৈনিক অসম’ কাকতৰ সম্পাদক প্ৰফুল্ল গোবিন্দ বৰুৱাই ভাষণ প্ৰসংগত যুগ যুগ ধৰি অসম সাহিত্য সভাৰ লগত তেখেতসকলৰ পৰিয়ালটোৰ মধুৰ সম্পৰ্কৰ কথা উল্লেখ কৰি সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱাৰ প্ৰতি সাহিত্য সভাই গ্ৰহণ কৰা পদক্ষেপক তেওঁ প্ৰশংসা কৰি উদ্যোক্তাসকলক ধন্যবাদ জ্ঞাপন কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here