Home মুখ্য পৃষ্ঠা উত্তৰাধিকাৰী হিচাপে ৰঞ্জন গগৈয়ে অনুমোদন জনালে ন্যায়াধীশ ববৰেৰ নাম

উত্তৰাধিকাৰী হিচাপে ৰঞ্জন গগৈয়ে অনুমোদন জনালে ন্যায়াধীশ ববৰেৰ নাম

73
0

নতুন দিল্লীঃ উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী গৰাকীৰ মুখ্য ন্যায়াধীশ কোন হ’ব তাকে লৈ এতিয়া বিভিন্ন মহলত বেচ চৰ্চা হৈ থকা পৰিলক্ষিত হৈছে। এনে সময়তে আজি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কেন্দ্ৰীয় চৰকাৰলৈ এখন পত্ৰ লিখে।

উক্ত পত্ৰখনত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে পৰৱৰ্তী গৰাকী মুখ্য ন্যায়াধীশ হিচাপে ন্যায়াধীশ এছ এ ববৰেৰ নাম অনুমোদন জনাইছে। পত্ৰখনত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে এইবুলি উল্লেখ কৰিছে যে জ্যেষ্ঠতাৰ ভিত্তিতে ববৰেক উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী গৰাকী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিব লাগে।

উল্লেখ্য অহা ১৭ নৱেম্বৰত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অৱসৰ গ্ৰহণ কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিততে উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী গৰাকী মুখ্য ন্যায়াধীশ নিৰ্বাচন কৰাটো প্ৰয়োজনীয় হৈ পৰিছে। ৰঞ্জন গগৈয়ে অনুমোদন জনোৱা এছ এ ববৰে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ আছিল। ইয়াৰ উপৰি ৬৩ বছৰীয়া ববৰেই মহাৰাষ্ট্ৰ ল ইউনিভাৰ্চিটিৰো আচাৰ্য আছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here