Home ক্রীড়া-জগত অভিলেখৰ জোৱাৰ তুলি টীম ইণ্ডিয়াৰ আন এক চমকঃ কিশোৰ কমল শৰ্মা

অভিলেখৰ জোৱাৰ তুলি টীম ইণ্ডিয়াৰ আন এক চমকঃ কিশোৰ কমল শৰ্মা

62
2

টেষ্ট ক্ৰিকেটত ভাৰতীয় দলৰ ৰং-ৰূপ সকলো সলনি হৈছে। এটা দশক আগেয়ে দীঘলীয়া ফৰ্মেটটোত ভাৰত হয়তো বহু দেশৰ বাবে প্ৰত্যাহবান হিচাপেও থিয় হ’ব পৰা নাছিল। কিন্তু বিগত কেইটামান বছৰত টীম ইণ্ডিয়া হৈছে টেষ্টৰ শ্ৰেষ্ঠ দল। সেই গৌৰৱময় ক্ষণ এতিয়াও অব্যাহত আছে টীম ইণ্ডিয়াৰ লগত। আজিও ভাৰত টেষ্ট ক্ৰিকেটৰ শীৰ্ষত। চলিত বৰ্ষৰে পৰা আৰম্ভ হৈছে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ। ২০২১ চনত এই চেম্পিয়নশ্বিপৰ ফাইনেল। শীৰ্ষস্থানৰ দলৰ দৰে টেষ্ট চেম্পিয়নশ্বিপটো ভাৰতীয় দলৰ দমন। ভাৰতে টেষ্ট চেম্পিয়নশ্বিপৰ অংশ হিচাপে দুটা শৃংখলা খেলিছে। প্ৰথমে ৱেষ্ট ইণ্ডিজলৈ গৈ ঘৰুৱা দলৰ বিৰুদ্ধে দুখন টেষ্ট। দুয়োখনতে একপক্ষীয় জয় বিৰাট কোহলি নেতৃত্বাধীন দলৰ। তাৰ পৰা দলটোৱে বুটলিলে ১২০ পইণ্ট।

ঘৰৰ মাটিত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তিনিখন টেষ্ট। শৃংখলাটোত হোৱাইটৱাশ্ব বিৰাট বাহিনীৰ। ইয়াৰ পৰাও লাভ কৰিলে ১২০ পইণ্ট। এতিয়া মুঠ ২৪০ পইণ্ট অৰ্জন কৰি প্ৰতিদ্বন্দ্বী দলসমূহতকৈ বহু বেগেৰে দৌৰিছে ভাৰতীয় দলে। আজি বিৰাট বাহিনীয়ে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টেষ্টত প্ৰথমবাৰলৈ হোৱাইটৱাশ্ব অৰ্জন কৰে। তিনিখন টেষ্টৰ দুখনতে ইনিংছ ব্যৱধানত জয় ভাৰতীয় দলৰ। প্ৰতিটো বিভাগতে দক্ষিণ আফ্ৰিকাই কোনো ধৰণে কাষ চাপিব নোৱাৰিলে ঘৰুৱা দলটোৰ। এই অভিলেখকাৰী জয়ৰ আঁৰত সম্পূৰ্ণ দলীয় প্ৰদৰ্শন বুলি মেচৰ শেষত সংবাদমেলত অধিনায়ক বিৰাটে স্বীকাৰ কৰে। কিন্তু শৃংখলাটোত কেইজনমান খেলুৱৈৰ প্ৰদৰ্শন উল্লেখ নকৰাকৈ থাকিব নোৱাৰি। এই খেলুৱৈসকলে ব্যক্তিগত প্ৰদৰ্শনৰ ফলত দলৰ বাবে জয় আজুৰি অনাই নহয়, বৰং একেলগে কেইবাটাও অভিলেখৰ গৰাকী হয়।

প্ৰথমে যদি কও অভিজ্ঞ অথচ টেষ্টত নৱাগত অপেনাৰ ৰোহিত শৰ্মাৰ কথা, তেনেহ’লে সোঁহতীয়া বেটছমেনগৰাকীয়ে শৃংখলাটোত অভিলেখৰ জোৱাৰ তোলে। বহু চিন্তা-চৰ্চাৰ অন্তত ভাইজাগত অনুষ্ঠিত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে প্ৰথম টেষ্টত মায়ংক আগৰৱালৰ সৈতে ৰোহিতক প্ৰথমবাৰলৈ টেষ্ট ক্ৰিকেটত ইনিংছ মুকলি কৰাৰ সুযোগ দিয়া হয়। টেষ্টৰ উপযোগী খেলুৱৈ নহয় বুলি সমালোচনাৰ সন্মুখীন হৈ অহা ৰোহিত যেন এই সুযোগলৈ অপেক্ষা কৰি আছিল। দুয়োটা ইনিংছতে শতকেৰে সমালোচকক কঠোৰ প্ৰত্যুত্তৰ দিয়ে মুম্বাইৰ বেটছমেনগৰাকীয়ে। প্ৰথম ইনিংছত ৰোহিতৰ বেটেৰে ১৭৬ আৰু দ্বিতীয় ইনিংছত ১২৭।

টেষ্টত অপেনাৰ হিচাপে অভিষেক মেচতে দুয়োটা ইনিংছত শতক কৰা ভাৰতৰ প্ৰথম বেটছমেন হিচাপে অভিলেখ ৰচে ৰোহিতে। তদুপৰি এখন টেষ্টত সৰ্বাধিক ছিক্সাৰ কোবোৱা বেটছমেন হিচাপেও ৰোহিতে গঢ়ে দ্বিতীয়তো অভিলেখ। প্ৰথম টেষ্টত ৰোহিতৰ বেটেৰে আহে ১৩ টাকৈ সুবিশাল ছয়। দ্বিতীয় টেষ্টত সফল নহ’লেও ৰাঁচীত প্ৰতিকুল পৰিস্থিতিত দ্বিশতকেৰে পুনৰ উজ্বলি উঠে তাৰকা বেটছমেনগৰাকী। টেষ্টত এয়া ৰোহিতৰ প্ৰথম দ্বিশতক। তেওঁ ২১২ ৰাণৰ ইনিংছ খেলে। তিনিখন টেষ্টৰ চাৰিটা ইনিংছত মুঠ ৫২৯ ৰাণ কৰি ৰোহিত মেচ আৰু শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়। ৰোহিতৰ লগতে এই টেষ্ট শৃংখলাটোত ভাৰতীয় অধিনায়ক বিৰাট কোহলিয়েও একাধিক অভিলেখ ৰচিছে।

সকলোৱে জানে অভিলেখ ৰচি ভাল পায় বিৰাটে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয় টেষ্টত জয়েৰে ভাৰতীয় দলে ঘৰৰ মাটিত একেৰাহে এঘাৰটা শৃংখলা জয় কৰি আন এক কৃতিত্বৰ গৰাকী হয়। তদুপৰি দক্ষিণ আফ্ৰিকাক টেষ্টত প্ৰথমবাৰলৈ হোৱাইটৱাশ্ব কৰা অধিনায়ক হিচাপে বিৰাটে ৰচে অভিলেখ। ইয়াৰ উপৰি টেষ্টত প্ৰতিপক্ষক সৰ্বাধিক তিনিবাৰ হোৱাইটৱাশ্ব কৰা অধিনায়ক হিচাপেও আন এটা অভিলেখ ৰচিছে অধিনায়কগৰাকীয়ে। ইফালে প্ৰতিদ্বন্দ্বী দলক সৰ্বাধিক আঠবাৰ ফ’ল’অন দিয়া অধিনায়ক হিচাপে তেওঁৰ আন এটা কৃতিত্ব। বিৰাটে শৃংখলাটোত পুনৰ এবাৰ ব্যক্তিগত প্ৰদৰ্শনেৰেও চমক দেখুৱায়। দ্বিতীয় টেষ্টত তেওঁ বিষম পৰিস্থিতিত কেৰিয়াৰশ্ৰেষ্ঠ অপৰাজিত ২৫৪ ৰাণ কৰি দলৰ জয়ত মুখ্য নায়কৰ ভূমিকা লৈছিল। বিগত ছয় বছৰে ঘৰৰ নিৰংকুশ যাত্ৰা অব্যাহত ৰখা ভাৰতীয় দলে পৰৱৰ্তী লক্ষ্য বাংলাদেশ।

2 COMMENTS

  1. Thank you for sharing superb informations. Your web-site is very cool. I’m impressed by the details that you have on this website. It reveals how nicely you understand this subject. Bookmarked this website page, will come back for more articles. You, my pal, ROCK! I found just the info I already searched all over the place and simply could not come across. What a perfect website.

LEAVE A REPLY

Please enter your comment!
Please enter your name here