Home অসম নিচি এলিট সমাজৰ বৈঠকত আহবানঃ অসমীয়া লেখকে ‘ডফলা’ শব্দতো ব্যৱহাৰ নকৰিব

নিচি এলিট সমাজৰ বৈঠকত আহবানঃ অসমীয়া লেখকে ‘ডফলা’ শব্দতো ব্যৱহাৰ নকৰিব

30
2

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ অৰুণাচল প্ৰদেশৰ নিচি সম্প্ৰদায়ক অসমত ডফলা বুলি অভিহিত কৰা হয়। অসমৰ পুৰণি গ্ৰন্থ আৰু অভিধানত ডফলা বুলিয়েই উল্লেখ আছে। কিন্তু নিচিসকলে এই ডফলা শব্দটো অপমানজনক হিচাপে গণ্য কৰে। সেয়েহে তেওঁলোকে এই শব্দটো প্ৰত্যাহাৰ কৰিছে। অসমীয়া লেখকেও যাতে ডফলা শব্দটো ব্যৱহাৰ নকৰে, তাৰ প্ৰতি আহবান জনাইছে নিচি এলিট সমাজে।

উল্লেখ্য যে সোমবাৰে অৰুণাচল প্ৰদেশৰ চেপা অঞ্চলত নিচি এলিট সমাজৰ দ্বাদশ সাধাৰণ অধিৱেশন আছিল। এই অধিৱেশনত অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী উপস্থিত আছিল। ৰাজবংশীক লক্ষ্য কৰি এলিট সমাজৰ সভাপতি বেংগীয়া টুলোমে উপৰোক্ত বক্তব্য দাঙি ধৰে। ইফালে অসম আৰু অৰুণাচনৰ মাজত ভুল বুজাবুজি নাই বুলি উল্লেখ কৰা হৈছে আৰু যিসকল অনা অসমীয়াই অসমত বাস কৰে, তেওঁলোকৰ দ্বাৰাহে অৰুণাচলত কিছু অশান্তি হোৱা বুলি স্বীকাৰ কৰিছে।

অনুষ্ঠানত অংশগ্ৰহণ কৰি অৰুণাচল প্ৰদেশৰ গৃহমন্ত্ৰী বামাং ফেলিক্সে কয় যে আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা তেওঁলোকে প্ৰৱৰ্তন কৰিছে সুৰক্ষাৰ স্বাৰ্থত। অৰুণাচলত যিবোৰ অপৰাধ সংঘটিত হয়, ইয়াৰ ৯০ শতাংশ অৰুণাচলৰ বাহিৰৰ পৰা অবৈধভাৱে প্ৰৱেশ কৰা লোকৰ দ্বাৰা সংঘটিত হৈছে।

ইফালে নিজৰ বক্তব্যত পৰমানন্দ ৰাজবংশীয়ে দুয়োখন ৰাজ্যৰ মাজত ভাষা আৰু সংস্কৃতিৰ বিকাশৰ বাবে, সীমান্ত সমস্যা সমাধানৰ বাবে সাহিত্য সভাই কাম কৰি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে। এই অনুষ্ঠানতে অৰুণাচলৰ শিক্ষামন্ত্ৰী টাবা টেডি উপস্থিত থাকি নিচি সম্প্ৰদায়ৰ ভাষা-সংস্কৃতিৰ বিকাশৰ ক্ষেত্ৰত অসমৰ অৱদান স্বীকাৰ কৰে।

2 COMMENTS

  1. Excellent post. I was checking constantly this blog and I am impressed! Very helpful information specifically the last part 🙂 I care for such info much. I was looking for this particular information for a very long time. Thank you and good luck.

LEAVE A REPLY

Please enter your comment!
Please enter your name here