Home Breaking মেঘালয় বিধানসভাই ল’লে আনুষ্ঠানিক সিদ্ধান্তঃ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ঘোষণা- বিৰোধীতা কৰি যাব...

মেঘালয় বিধানসভাই ল’লে আনুষ্ঠানিক সিদ্ধান্তঃ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ ঘোষণা- বিৰোধীতা কৰি যাব কেবৰ

29
1

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ সংসদৰ আগন্তুক শীতকালীন অধিৱেশনত কেব অৰ্থাৎ নাগৰিকত্ব সংশোধনী বিধেয়ক পুনৰ উত্থাপন আৰু গৃহীত কৰাৰ নিশ্চয়তা প্ৰদান কৰিছিল গৃহমন্ত্ৰী অমিতা শ্বাহে।

এই কেবৰ জৰিয়তে পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানত নিৰ্যাতনৰ বলি হোৱা ছটা অনা-ইছলামিক ধৰ্মৰ নাগৰিকক ভাৰতত সংস্থাপন আৰু নাগৰিকত্ব দিয়াৰ প্ৰস্তাৱ উল্লেখ আছে। কিন্তু কেন্দ্ৰৰ এই সিদ্ধান্ত মেঘালয় চৰকাৰে গ্ৰহণ নকৰে আৰু বৰ্হিৰাষ্ট্ৰৰ লোকক মেঘালয়ত সংস্থাপন দিয়া নহয়। এনেকৈয়ে মুখ্যমন্ত্ৰী কনৰাড চাংমা নেতৃত্বাধীন চৰকাৰখনে আনুষ্ঠানিক প্ৰস্তাৱ গ্ৰহণ কৰে।

মেঘালয়ত প্ৰৱৰ্তন কৰা মেঘালয় ৰেচিডেন্স চেফটি এণ্ড ছিকিউৰিটি আইনখন কঠোৰভাৱে বলবৎ কৰাৰ বিষয়ত ঐক্যমত প্ৰকাশ কৰা হয়। কেব আহিলে মেঘালয়ৰ থলুৱা বাসিন্দাৰ পৰিচয় আৰু অস্তিত্ব বিলুপ্ত হ’ব বুলিও চৰকাৰীভাৱে আশংকা কৰা হৈছে। সেয়েহে মেঘালয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত আৰু মতামত কেন্দ্ৰীয় চৰকাৰক লিখিতভাৱে অৱগত কৰা হ’ব বুলি মুখ্যমন্ত্ৰী কনৰাড চাংমাই ঘোষণা কৰে। উল্লেখ্য যে কালি সন্ধিয়া মেঘালয় চৰকাৰৰ সচিবালয় কক্ষত এই বিশেষ বৈঠকৰ আয়োজন কৰা হৈছিল।

এই বৈঠকত ৰাজ্যখনৰ শাসক-বিৰোধী সকলোবোৰ দলে অংশ গ্ৰহণ কৰিছিল। আনহাতে মেঘালয়ত ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচী সঠিকভাৱে ৰূপায়ণ কৰাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। এনেকৈয়ে উত্তৰ-পূবৰ অন্যান্য ৰাজ্যৰ পদক্ষেপলৈ অপেক্ষা নকৰি মেঘালয় চৰকাৰে আগতীয়াকৈ কেব বিৰোধী সিদ্ধান্ত গ্ৰহণ কৰি কেন্দ্ৰক নিজৰ স্থিতি অৱগত কৰিছে।

1 COMMENT

  1. Thank you for another great post. Where else may anyone get that type of information in such an ideal manner of writing? I’ve a presentation next week, and I am on the search for such info.

LEAVE A REPLY

Please enter your comment!
Please enter your name here