Home অসম নাগা শান্তি আলোচনা সমাপ্ত

নাগা শান্তি আলোচনা সমাপ্ত

30
1

২২ বছৰীয়া শান্তি আলোচনাৰ সমাপ্তিয়ে উত্তৰ-পূবত প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা
পৃথক সংবিধান অবিহনেই চুক্তি স্বাক্ষৰ কৰিব এনএছচিএনে
চৰ্ত সাপেক্ষে সাংস্কৃতিক পতাকা ব্যৱহাৰত অনুমোদন

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ সমাপ্ত হ’ল নাগা শান্তি আলোচনা।কালি কেন্দ্ৰীয় চৰকাৰ প্ৰতিনিধি আৰু এনএছচিএন (আই এম)ৰ প্ৰতিনিধিয়ে এই কথা নিশ্চিত কৰিছে। ৩১ অক্টোবৰ অৰ্থাৎ কালিৰ দিনটো চূড়ান্ত হিচাপে ধায্য কৰি ২২ বছৰীয়া শান্তি আলোচনাৰ সমাপ্তি ঘটাবলৈ নিৰ্দেশ দিছিল প্ৰধানমন্ত্ৰীয়ে। নাগা শান্তি আলোচনাৰ বৰ্তমানৰ মধ্যস্থতাকাৰী আৰ এন ৰবিয়ে যোৱা এপেষক ধৰি প্ৰায় প্ৰতিদিনে এনএছচিএন (আই এম) আৰু নাগা নেশ্যনেল পলিটিকেল গ্ৰুপৰ সৈতে আলোচনাত মিলিত হৈ আহিছে।

ফলশ্ৰুতিত কালি দুই পক্ষই শান্তি আলোচনাৰ চুক্তিত স্বাক্ষৰ কৰাৰ সিদ্ধান্ত লয়। ১৯৯৭ ৰ পৰা শান্তি আলোচনা আৰম্ভ হোৱাৰ পিছত উত্তৰ-পূবৰ উগ্ৰবাদী সংগঠনৰ মাতৃ সংগঠন স্বৰূপে এনএছচিএন (আই এম)এ শান্তি চুক্তিত স্বাক্ষৰ কৰিবলৈ সন্মতি প্ৰকাশ কৰাৰ লগে লগে অন্যান উগ্ৰবাদী সংগঠনৰ ওপৰত প্ৰভাৱ পৰাটো নিশ্চিত। ইফালে কালি অনুষ্ঠিত হোৱা শান্তি আলোচনা সফল বুলি উল্লেখ কৰা হৈছে আৰু সবিশেষ চৰ্তাৱলী বৰ্তমানেও পোহৰলৈ অহা নাই।

তথাপি এক দেশ এক সংবিধান নীতিৰে নাগালেণ্ডৰ বাবে পৃথক সংবিধান স্বীকৃতি নিদিয়াৰ পিছত বিদ্ৰোহী গোটটোৱে চৰকাৰৰ ওচৰত সৈমান হোৱা দেখা গ’ল। আনহাতে এই শান্তি চুক্তিয়ে চুবুৰীয়া ৰাজ্য অসম, মণিপুৰ আৰু অৰুণাচল প্ৰদেশত বিৰূপ প্ৰভাৱ পৰাৰ আশংকাত কেন্দ্ৰীয় চৰকাৰে এক প্ৰেছ বাৰ্তা প্ৰকাশ কৰিছে। এই বাৰ্তা অনুসৰি নাগা শান্তি চুক্তিৰ জৰিয়তে কোনো এখন ৰাজ্যৰ কোনো ধৰণৰ স্বকীয়তা ভংগ নহয় বুলি উল্লেখ কৰাৰ লগতে ৰাইজক অভয়দান কৰা দেখা গৈছে।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here