Home অসম প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ ৩৫ সংখ্যক মৃত্যু বাৰ্ষিকীঃ দেশজুৰি ইন্দিৰা গান্ধীক সোঁৱৰণ

প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ ৩৫ সংখ্যক মৃত্যু বাৰ্ষিকীঃ দেশজুৰি ইন্দিৰা গান্ধীক সোঁৱৰণ

26
1
Ex Chief minister Tarun Gogoi paying tributes to late Prime Minister Indira Gandhi on her 35th death anniversary and 1st Deputy Prime Minister of India Vallabhbhai Patel 144th birth anniversary at Rajiv Bhawan in Guwahati

ডিজিটেল বাৰ্তাঃ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, ভাৰতৰত্নৰে সন্মানিত, লৌহ মানৱী খ্যাত ইন্দিৰা গান্ধীৰ কালি ৩৫ সংখ্যক মৃত্যু বাৰ্ষিকী। ১৯৮৪ চনৰ আজিৰ তাৰিখতে নিজৰ দেহৰক্ষীৰ গুলীত প্ৰাণ আহুতি দিছিল। কালি দেশবাসীয়ে এইগৰাকী প্ৰাক্তন প্ৰধানমন্ত্ৰীক অশ্ৰুসিক্ত নয়নেৰে স্মৰণ কৰা পৰিলক্ষিত হৈছে।

কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে ইন্দিৰা গান্ধী অৰ্থাৎ আইতাকক সোঁৱৰি কয় যে ইন্দিৰা গান্ধীৰ বলিষ্ঠ আৰু নিৰ্ভয় সিদ্ধান্তই দেশখনক আগুৱাই নিয়াত সহায় কৰিছিল। ইয়াৰ বাবে তেওঁ মৃত্যুৰ সন্মুখীন হয়। ৰাষ্ট্ৰীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেৱেও ইন্দিৰা গান্ধীক সোঁৱৰি নিজৰ মনোভাৱ প্ৰকাশ কৰিছে। প্ৰয়াত প্ৰধানমন্ত্ৰী গৰাকীয়ে দেশৰ স্বাৰ্থক প্ৰথমে অগ্ৰাধিকাৰ দিছিল আৰু ইয়াৰ পিছতে অন্যান্য বিষয়ে চিন্তা কৰিছিল।

তেওঁৰ বলিষ্ঠতা আৰু ভয়হীন সিদ্ধান্তই ভাৰতক বিশ্বৰ সন্মুখত শক্তিশালী ৰূপত তুলি ধৰিছিল। এনেকৈয়ে অসমতো ইন্দিৰা গান্ধী মৃত্যু তিথি পালন কৰা হয়। নতুন দিল্লীত কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধী, প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী, প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি হামিদ আনচাৰী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট আদিয়ে ইন্দিৰা গান্ধীৰ সমাধিস্থলী শক্তিস্থলত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰা পৰিলক্ষিত হয়। দেশৰ অন্যান্য স্থানতো কংগ্ৰেছ দলে এই গৰাকী বলিষ্ঠ নেত্ৰীক স্মৰণ কৰে।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here