Home Breaking অসম অলিম্পিক সন্থাৰ সভাপতিৰ পদত মুখ্যমন্ত্ৰী সোণোৱালঃ সাধাৰণ সম্পাদক হিচাপে নিযুক্ত হ’ল...

অসম অলিম্পিক সন্থাৰ সভাপতিৰ পদত মুখ্যমন্ত্ৰী সোণোৱালঃ সাধাৰণ সম্পাদক হিচাপে নিযুক্ত হ’ল লক্ষ্য কোঁৱৰ

24
0

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ অসম অলিম্পিক সন্থাৰ নতুন সমিতিৰ নাম একপ্ৰকাৰ চূড়ান্ত হৈছে। নিৰ্বাচনী প্ৰক্ৰিয়াৰ জৰিয়তে অধিবক্তা বিজন মহাজনৰ নেতৃত্বত অলিম্পিক সন্থাৰ মনোনয়ন দাখিল তথা অন্যান্য নিৰ্বাচনী কাম-কাজ পৰিচালিত হৈছে।

কিন্তু প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীৰ অভাৱ হোৱাৰ বাবে কেইবাটাও পদবীত পোনপটীয়াকৈ নিৰ্বাচিত হ’বলৈ সক্ষম হৈছে একাধিক প্ৰাৰ্থী। ইয়াৰ ভিতৰত অসম অলিম্পিক সন্থাৰ সভাপতিৰ পদত অধিষ্ঠিত হৈছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কেৱল এখনেই মনোনয়ন পত্ৰ দাখিল কৰা হৈছিল আৰু এই মনোনয়ন বৈধ হোৱাৰ পিছত নিৰ্বাচনী বিষয়াই মুখ্যমন্ত্ৰী সোণোৱালক সভাপতি হিচাপে ঘোষণা কৰা।

আনহাতে সাধাৰণ সম্পাদক পদলৈ নিৰ্বাচিত হৈছে লক্ষ্য কোঁৱৰ। অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ ক্ৰীড়া আৰু যুৱ কল্যাণৰ সদস্য সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা লক্ষ্য কোঁৱৰে এই পদলৈ নিৰ্বাচিত হোৱাৰ পিছত ৰাজ্যখনৰ ক্ৰীড়াৰ ক্ষেত্ৰত কাম কৰি যোৱা প্ৰতিশ্ৰুতি দিছে। একেদৰে উপ-সভাপতি পদলৈ নিৰ্বাচিত হৈছে মন্ত্ৰী অতুল বৰা, সিদ্ধাৰ্থ ভট্টাচায্য, পিযুষ হাজৰিকাৰ লগতে বিটিচিৰ মুৰববী হাগ্ৰামা মহিলাৰী, সাংসদ ৰাণী নৰহ, কাৰ্বি পৰিষদৰ মুৰববী তুলিৰাম ৰংহান, এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, জয়ন্ত বড়ো, মুৰুলী চৌধুৰী, ৰাজ কাকতি আদি। কোক্ষাধ্যক্ষ পদত নিযুক্ত হৈছে তপন দাস।

LEAVE A REPLY

Please enter your comment!
Please enter your name here