Home Breaking দুই মুখ্য ন্যায়াধীশক বদলি

দুই মুখ্য ন্যায়াধীশক বদলি

34
1

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ উত্তৰ পূবৰ দুখন ৰাজ্যৰ দুজন মুখ্য ন্যায়াধীশক বদলি কৰা হৈছে। উচ্চতম ন্যায়ালয় কলেজিয়ামৰ সিদ্ধান্ত অনুসৰি ত্ৰিপুৰা আৰু মেঘালয়ৰ মুখ্য ন্যায়াধীশক বদলি কৰা হয়।

প্ৰাপ্ত তথ্য মতে, ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সঞ্জয় কেৰ’লক বদলি কৰা হৈছে পাটনা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে। আনহাতে মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজয় কুমাৰ মিট্টালক মধ্যপ্ৰদেশলৈ বদলি কৰিছে।

চলিত মাহৰ ১৩ নৱেম্বৰত দুয়োগৰাকী ন্যায়াধীশে নিজৰ দায়িত্ব গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ লগতে ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মহম্মদ ৰফিকক মেঘালয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত নিযুক্তি দিয়া হৈছে।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here