Home অসম স্বামী বিবেকানন্দৰ মহান বাণী প্ৰচাৰৰ উদ্দেশ্যে তেজপুৰ পালেহি দিব্যাংগ যুৱক ঠংগৰাজন

স্বামী বিবেকানন্দৰ মহান বাণী প্ৰচাৰৰ উদ্দেশ্যে তেজপুৰ পালেহি দিব্যাংগ যুৱক ঠংগৰাজন

38
1
R.Thanga Raja a physically challenged person of Kanya kumara, Vivekananda Kendra reach Tezpur on 31-10-19 after completed his 10,962 K.M. secoty journeys under Eak Bharat Bijoy Bharat Avhijan in Tezpur

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, তেজপুৰঃ এক ভাৰত বিজয় ভাৰত অভিযানৰ অধীনত কন্যাকুমাৰীৰ পৰা ১০৯৬২ কিঃমিঃ দূৰত্ব ট্ৰাই চাইকেলৰে অতিক্ৰমী বৃহস্পতিবাৰে তেজপুৰত উপস্থিত হয় বিশেষভাৱে সক্ষম যুৱক আৰ. ঠংগৰাজন।

দেশ প্ৰেমৰ এক ভাৰত বিজয় ভাৰতৰ লক্ষ্য শিৰোগত কৰি ১১ ছেপ্টেম্বৰৰ দিনা কন্যা কুমাৰীৰ পৰা যাত্ৰা আৰম্ভ কৰি দেশৰ প্ৰতিখন ৰাজ্যৰ জনসাধাৰণ বিশেষভাৱে যুৱ প্ৰজন্মৰ মাজত স্বামী বিবেকানন্দৰ মহান বাণী প্ৰচাৰ কৰাৰ উদ্দেশ্যেৰে ইতিমধ্যে ১০৯৬২ কিঃমিঃ দূৰত্ব অতিক্ৰম কৰি আজি তেজপুৰত উপস্থিত হয়।

অভিযান্ত্ৰিকৰ স্নাতক, অদম্য সাহসৰ অধিকাৰী, বিশেষভাৱে সক্ষম যুৱক আৰ. ঠংগৰাজনৰ লক্ষ্য মুঠ ২১০০০ কিঃমিঃ দূৰত্ব ট্ৰাই চাইকেলৰে অতিক্ৰম কৰি ২০ ডিচেম্বৰত পুনৰ কন্যা কুমাৰীৰ বিবেকানন্দ কেন্দ্ৰত উপস্থিত হোৱাটো। আনহাতে বৃহস্পতিবাৰে তেজপুৰত উপস্থিত হোৱা ঠংগৰাজনক তেজপুৰীয়া ৰাইজে ফুলাম গামোচাৰে আদৰণি জনায়।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here