Home মুখ্য পৃষ্ঠা বন বিভাগ আৰু দুৰ্নীতি পৰায়ণ লোকৰ দপদপনঃ

বন বিভাগ আৰু দুৰ্নীতি পৰায়ণ লোকৰ দপদপনঃ

26
1

সমত বন বিভাগটো একৰকম বগা হাতীত পৰিণত হোৱা পৰিলক্ষিত হৈছে। স্বাধীনতাৰ পিছৰ পৰা অসমৰ বন বিভাগটো লেৰেলা অৱস্থাতো ক্ৰমান্বয়ে বেছি হোৱাহে দেখা গৈছে। উল্লেখযোগ্য যে এই বিভাগটোৰ দুৰ্নীতিয়ে জনসাধাৰণক অতীষ্ঠ কৰাই নহয়, সেই ক্ষেত্ৰত জনসাধাৰণৰ বিশেষকৈ ৰাইজ আৰু চৰকাৰৰ ৰাজহ সমুলেঞ্চ ধবংস কৰি পেলাইছে। আমি অতীতৰ পৰাই লক্ষ্য কৰি আহিছো যে চৰকাৰৰ এটা বিভাগৰ বিষয়া কৰ্মচাৰীসকলে যি লুণ্ঠন কৰি আহিছে তাৰ পৰিণতিত অসমৰ ৰাইজে ৰাজহৰ লোকচান হোৱাই নহয় ৰাজ্যখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো বহু যোজনা পিছুৱাই গৈছে। এই ক্ষেত্ৰত চৰকাৰে ৰাজনীতিক নেতাৰ পৃষ্ঠপোষকতাত এচাম দুৰ্নীতি পৰায়ণ লোকক সোঁৱে-বাঁৱে ধন আহৰণ কৰাৰ সুবিধা কৰি দিছে। বনাঞ্চলৰ গছ-গছনি, পাহাৰ-পৰ্বত ধবংসৰ পিছত বনাঞ্চলত বসবাস কৰা বিভিন্ন জন্তুৰ ক্ষেত্ৰতো নিৰাপত্তাৰ অভাৱ পৰিলক্ষিত হৈছে। বিশ্বৰ ভিতৰত এশিঙীয়া গঁড়ৰ যি পয়োভৰ কেৱল অসমতে থকাৰ গৌৰৱ আছিল সেই গৌৰৱ লুণ্ঠিত কৰিবৰ বাবে এচাম দুষ্কৃতিকাৰীয়ে বন বিভাগৰ কৰ্মচাৰীৰ প্ৰৰোচনাত সেই গঁড় হত্যা কৰি তাক পৃথিৱীৰ পৰাই বিলুপ্ত কৰাৰ যি ব্যৱস্থা চলি আছে সেয়া সমগ্ৰ অসমবাসীৰ বাবেই লজ্জাজনক। এইবিধ গঁড়ক হত্যা কৰিবৰ কাৰণে কাগজে-পত্ৰই যিবোৰ বাতৰি প্ৰকাশ পাই আহিছে সেই সকলোবোৰ বাতৰিয়ে অসমবাসীক একৰকম লজ্জানত কৰি পেলাইছে। পৰ্যটকৰ বিশেষ আকৰ্ষণীয় এই এশিঙিয়া গঁড়ৰ সংখ্যা দিনে দিনে কম হৈ অহাতো পৰিলক্ষিত হৈ আহিছে। ইয়াৰ বিপৰীতে এচাম দুৰ্নীতি পৰায়ণ কৰ্মচাৰীৰ পোষকতাত এই কাম সহসাধ্য হৈ আহিছে। তাৰোপৰি দুৰ্নীতিয়ে চানি ধৰা এই বিভাগটোত এচাম দুৰ্নীতিপৰায়ণ লোকৰ পৃষ্ঠপোষকতাতে আপুৰুগীয়া গছবোৰ নাইকীয়া হোৱাৰ বাতৰি সততে পঢ়িবলগীয়া হোৱাতো অতি দুৰ্ভাগ্যজনক। চৰকাৰৰ দুৰ্বলতাৰ সুযোগ লৈ এইচাম দুৰ্নীতিপৰায়ণ লোকে ৰাজ্যখনৰ সেই বিভাগটোক একৰকম কোঙা অৱস্থাত পেলাইছে।

1 COMMENT

  1. You really make it seem so easy with your presentation but I find this topic to be really something which I think I would never understand. It seems too complicated and very broad for me. I’m looking forward for your next post, I will try to get the hang of it!

LEAVE A REPLY

Please enter your comment!
Please enter your name here