Home মুখ্য পৃষ্ঠা কাৰ নিয়ন্ত্ৰণত পাচলি বজাৰ ?

কাৰ নিয়ন্ত্ৰণত পাচলি বজাৰ ?

25
1

ৰ্তমান বজাৰত পাচলিৰ দাম আকাশলংঘী। সাধাৰণ জনতাৰ বাবে পাচলি ক্ৰয় চিন্তনীয় বিষয় হৈ পৰিছে। যোৱা কেইবছৰমানৰ পৰা এটা কথা লক্ষ্য কৰিছো, পাচলিৰ দাম নিয়ন্ত্ৰণৰ বাহিৰত। বছৰৰ প্ৰায় প্ৰতিটো সময়তে চৰা দামত গ্ৰাহকে পাচলি ক্ৰয় কৰিব লাগে। অন্য ৰাজ্যৰ পৰা আমদানি কৰা বতৰৰ পাচলিখিনিৰ এটা সময়ত দাম বেছি হৈ থকাটো স্বাভাৱিক যদিওঁ অযুক্তিকৰ মূল্যবৃদ্ধি মানি ল’ব নোৱাৰি। খুচুৰা ব্যৱসায়ী আৰু খেতিয়কসকল লোকচানৰ সন্মুখীন হোৱাটো কোনেও নিবিচাৰে। কিন্তু তেওঁলোকৰ মতে খেতিয়কে কম দামত মধ্যভোগী আৰু পাইকাৰী বেপাৰীক দিব লগা হয় আৰু খুচুৰা ব্যৱসায়ীসকলে চৰা দামত কিনি তাতকৈ বেছি দামত গ্ৰাহকক বেচিব লগা হয়। ইয়াৰ পৰা বুজিব পাৰি তথাকথিত দালালসকলে পাচলিৰ বজাৰৰ মূল্য নিজৰ নিয়ন্ত্ৰণত ৰাখি লাভজনক ব্যৱসায় কৰি আছে। চৰকাৰী পক্ষৰ কোনো নিয়ন্ত্ৰণ নাই তেওঁলোকৰ ওপৰত। দুবছৰমান পূৰ্বে কৃষি বিপণন বোৰ্ডে মহানগৰীৰ বিভিন্ন স্থানত কৃষকৰ বজাৰ মুকলি কৰি গ্ৰাহকক কম দামত উন্নত পাচলি যোগান ধৰাৰ ব্যৱস্থা কৰিছিল। সেইখিনি সময়ত ৰাইজে অলপ সকাহ পাইছিল। কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও ৰাজ্যৰ বিভিন্ন স্থানত এনে পদক্ষেপ লোৱা মনত পৰে। বেচৰকাৰী পক্ষৰ এনে পদক্ষেপ নিশ্চিতভাবে আদৰণীয়। কিন্তু চৰকাৰী পক্ষই দাম নিয়ন্ত্ৰণৰ প্ৰতি অৱহেলা কৰা যেন বোধ হয়। ইয়াৰ নিশ্চয় কিবা গোপন সমীকৰণ আছে। পাচলিৰ বজাৰৰ ওপৰত চৰকাৰে চকু দি, দালালশ্ৰেণীক নিয়ন্ত্ৰণ কৰিলে সকলো পক্ষ উপকৃত হ’ব। অন্যথা কিছুদিন পাছত পাচলি আমাৰ বাবে এক বিলাসিতা হৈ ৰব…।

প্ৰিণৱ চক্ৰৱৰ্তী
কলেজ ৰোড, নলবাৰী
ফোনঃ ৯৮৬৪১৪৯৬৬৪

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here