Home মুখ্য পৃষ্ঠা সংবাদ মাধ্যমৰ বাটকটীয়া ড০ পূৰ্ণ নাৰায়ণ সিংহ

সংবাদ মাধ্যমৰ বাটকটীয়া ড০ পূৰ্ণ নাৰায়ণ সিংহ

19
0

জননেতা ড০ পূৰ্ণ নাৰায়ণ সিংহৰ ১০৬ বছৰীয়া জন্ম জয়ন্তী উপলক্ষে
-ফিণীন্দ্ৰ বৰুৱা-

সমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ পূৰ্বেই সংবাদ ক্ষেত্ৰখনৰ নেতৃত্ব দিছিল ড০ পূৰ্ণ নাৰায়ণ সিংহই। সংবাদ ক্ষেত্ৰখনৰ সিংহ পুৰুষ হিচাপে খ্যাতি লাভ কৰা ডঙ্ম পূৰ্ণ নাৰায়ণ সিংহই সত্তৰ দশকতে ৰাজ্যখনত বৌদ্ধিক আন্দোলনৰ নেতৃত্ব দি অসমীয়া ভাষা-সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰখনক চহকী কৰি তুলিছিল। অসমৰ সংবাদ ক্ষেত্ৰখনৰ ভোটা তৰা হৈ জিলিকি থকা ‘মহাজাতি’ কাকতৰ জন্ম দি ড০ পূৰ্ণ নাৰায়ণ সিংহই কলা সংস্কৃতিৰ সাৰুৱা ভূমি তেজপুৰৰ মান-মহিমা ইতিহাসত খোদিত কৰি গৈছে। তিনিদিনীয়া মহাজাতি কাকত জন্ম নোহোৱা হ’লে বৰ্তমানে অসমৰ বৌদ্ধিক জগতক নেতৃত্ব দিয়া বহু কোনোবা জন্ম নহ’লহেতেন। এই তিনিদিনীয়া মহাজাতি কাকতৰ পৰাই অসমৰ চুকে-কোণে সিচঁৰিত হৈ আছে অসমীয়া ভাষা সাহিত্য সংস্কৃতি চহকী কৰা সহস্ৰাধিক পুৰোধা ব্যক্তি। আজিৰ অসমৰ সহস্ৰাধিক সংবাদ কৰ্মীৰ সংবাদ ক্ষেত্ৰৰ পাঠশালা আছিল তিনিদিনীয়া মহাজাতি কাকত। এই মহাজাতি কাকততেই সংবাদ ক্ষেত্ৰৰ অ-আৰ-ক-খ শিকি আজি অসমৰ সংবাদ তথা বৌদ্ধিক জগতখনত প্ৰতিষ্ঠিত হৈছে বহুজন। সময়ৰ সোঁতত মহাজাতি নেথাকিলেও তাৰ স্বাক্ষৰ অনন্ত কাললৈ সকলোৱে বহন কৰি থাকিব। মহাজাতি কাকতখন ড০ পূৰ্ণ নাৰায়ণ সিংহৰ নামতে বৰ্তমানে কলিকতাৰ এটা প্ৰতিষ্ঠানে চলাই থকা বিষয়ে পৰিয়ালৰ সূত্ৰে জানিব পাৰি আনন্দিত হৈছো।
মেধা তথা শক্তিশালী মন মগজুৰ পৰিচয় দিয়া ড০ পূৰ্ণ নাৰায়ণ সিংহই তেজপুৰ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত ওকালতি আৰম্ভ কৰিছিল। দৰিদ্ৰজনক সহায়ৰ হাত আগবঢ়োৱা ড০ পূৰ্ণ নাৰায়ণ সিংহই ওকালতি অন্ত পেলাই ভৰি দিছিল ৰাজনৈতিক ক্ষেত্ৰখনত। কোচ বংশৰ বীৰ যোদ্ধা তথা কমতাপুৰৰ ৰাজ পৰিয়ালৰ তেজ থকা ড০ পূৰ্ণ নাৰায়ণ সিংহই ১৯৭৪ চনত ৰাইজৰ আস্থাৰ ভোটৰে জনতা দলৰ পৰা সাংসদ হিচাপে তেজপুৰৰ পৰা নিৰ্বাচিত হয়। সংসদত বলিষ্ঠ ভূমিকা লোৱা ডঙ্ম পূৰ্ণ নাৰায়ণ সিংহই মানৱ সেৱাই জীৱনৰ প্ৰধান ধৰ্ম লক্ষৰে ৰাজনৈতিক ক্ষেত্ৰখনত কৰ্মমুখী যাত্ৰা আৰম্ভ কৰে। ৰাজবংশৰ তেজ থকা ড০ পূৰ্ণ নাৰায়ণ সিংহই অসমৰ ইতিহাস প্ৰসিদ্ধ ব্ৰহ্মপুত্ৰৰ ওপৰত তথা কলীয়া ভোমোৰা দলঙেই নহয় জামুগুৰি তেজপুৰৰ মাজত যাতায়াত সুচল কৰিবলৈ জীয়াভৰালী দলঙৰ ওপৰত দ্বিতীয়খন চকীঘাট দলং নিৰ্মাণৰ অভিযান তীব্ৰতৰ কৰিছিল। এই উদ্দেশ্যৰে জামুগুৰিহাটৰ বাপুজী ভৱনত কেইবালানি আলোচনা আৰম্ভ কৰা বিষয়েও জানিব পৰা গৈছিল। সেই সময়ৰ মাটিৰ পট্টাহীন দৰিদ্ৰ লোকৰ পট্টা প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক বিশেষভাৱে কৰ্ম আঁচনি যুগুত কৰিবলৈ বাধ্য কৰিছিল। ৰাজ্যৰ ভূমিপুত্ৰ সকলৰ সমস্যা সংসদৰ মজিয়াত দাঙি ধৰাত সফল হৈছিল ড০ পূৰ্ণ নাৰায়ণ সিংহ। ৰাজনৈতিক ক্ষেত্ৰখনত জড়িত হৈ ড০ পূৰ্ণ নাৰায়ণ সিংহই অসমৰ কোচ ৰাজবংশী সকলৰ জনজাতি কৰণ সন্দৰ্ভত কেইবালানিও কেন্দ্ৰীয় চৰকাৰৰে আলোচনাত বহা তথ্য পোৱা যায়। প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীৰে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ সন্দৰ্ভত ড০ পূৰ্ণ নাৰায়ণ সিংহই গুৰি বঠা ধৰি কৰা আলোচনাই ড০ সিংহ দেৱৰ জাতীয় চেতনা কিমান গভীৰ সেই কথা প্ৰকট কৰি তুলিছিল। কমতাপুৰ ৰাজ পৰিয়ালৰ তেজ থকা ড০ পূৰ্ণ নাৰায়ণ সিংহই অসমৰ নহয় ভাৰতৰ বিভিন্ন প্ৰান্তত সিচঁৰিত হৈ থকা কোচ ৰাজবংশীসকলক একত্ৰিত কৰি ভাৰতীয় কোচ ৰাজবংশী ক্ষত্ৰিয় মহাসভা গঠন কৰিছিল আৰু সেই অনুষ্ঠানৰ সভাপতিৰ দায়িত্বও বহন কৰিছিল। কোচ ৰাজবংশী সন্মিলনীৰ পদ অলংকিত কৰি ড০ পূৰ্ণ নাৰায়ণ সিংহই পোন প্ৰথমবাৰৰ বাবে ১৯৮৪ চনৰ ১৭ ফেব্ৰুৱাৰীত কোচ বিহাৰৰ ‘হালা কূড়াত’ মহাৰাজ নৰনাৰায়ণ চিলাৰায়ৰ অৱদান সন্দৰ্ভত এক আলোচনা চক্ৰও অনুস্থিত কৰিছিল। এইগৰাকী মহান ৰাজনীতিজ্ঞৰ চিন্তা-বুদ্ধি, জ্ঞানৰ গভীৰতাৰ উমান পায়েই সেই সময়ৰ ৰাষ্ট্ৰপতি জ্ঞানী জেইল সিঙে আমি একে সিং উপাধীৰ মানুহ আপুনি কংগ্ৰেছলৈ আহক বুলি প্ৰস্তাৱ আগবঢ়াইছিল। অসমৰ প্ৰয়াত মুখ্যমন্ত্ৰী বিষু্ণৰাম মেধিয়েও ড০ পূৰ্ণ নাৰায়ণ সিংহক কংগ্ৰেছ দললৈ কেইবাবাৰো আমন্ত্ৰণ জনোৱা বিষয়ে তথ্য পোৱা যায়।
১৯৯৭ চনৰ ৮ ছেপ্টেম্বৰত ড০ পূৰ্ণ নাৰায়ণ সিংহই জন্ম দিয়ে হিউমেন ৰাইটছ একচন কাউন্সিল অসম নামেৰে এটি মানৱ অধিকাৰ সংগঠনৰ। মানুহৰ অধিকাৰ, খৰ্ব, লুণ্ঠন আদি সমস্যাসমূহৰ সমাধানৰ একমাত্ৰ মঞ্চ হিচাপে অসমত প্ৰতিষ্ঠা লভিছিল হিউমেন ৰাইটছ একচন কাউন্সিলে। এই সংগঠনৰ কাম-কাজ ড০ পূৰ্ণ নাৰায়ণ সিংহই অসমতে আবদ্ধ নেৰাখি উত্তৰ পূৰ্বাঞ্চলৰ আন আন ৰাজ্যলৈ সম্প্ৰসাৰণ কৰিছিল। সম্প্ৰতি এই অনুষ্ঠানটিৰ অধ্যক্ষৰ দায়িত্বত আছে তেওঁৰ সুযোগ্য সন্তান ড০ পৰশমণি সিংহ। পৰশমণি সিংহই এই অনুষ্ঠানৰ দায়িত্বভাৰ গ্ৰহণ কৰি অসম-ভাৰত নহয় আন্তৰ্জাতিক পৰ্যায়তো প্ৰতিষ্ঠিত হৈছে। মানৱ অধিকাৰ বিষয়ক লৈ ড০ পৰশমণি সিংহই বিশ্বৰ কেইবাখনো দেশত অনুষ্ঠিত মানৱ অধিকাৰ বিষয়ক সভাত অংশগ্ৰহণ কৰি সুনাম কঢ়িয়াই আনিছে। ১৯১৪ চনৰ কমতাপুৰ ৰাজপৰিয়ালত জন্মগ্ৰহণ কৰা ড০ পূৰ্ণ নাৰায়ণ সিংহৰ আজু ককাক কীৰ্তিমান সিংহ আছিল এজন ধনুৰ্বিদ। ১৮২১ চনত মানসেনাৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ বাবে ইংৰাজ বিষয়াই কোচ সৈন্য অসমলৈ আনোতে এইজন কীৰ্তিমান সিংহৰ হাতত ধনুৰ পৰিৱৰ্তে তুলি দিছিল বন্দুক। আৰু হৈ পৰিছিল বীৰ যোদ্ধা। এই কীৰ্তিমান সিংহৰ পুত্ৰ ৰীতিমান সিংহও ফৌজত যোগদান কৰি চুবেদাৰ পদত অধিষ্ঠিত হৈছিল। ৰীতিমান সিংহৰ পুত্ৰই হ’ল কমাণ্ড সিংহ। এই কমাণ্ড সিংহ আছিল ব্ৰিটিছৰ আমোলত মাটি বাৰী সম্পৰ্কীয় কাৰ্যালয়ৰ কানানগো তথা চিৰস্তদাৰ। এই কমাণ্ড সিংহৰেই অষ্টম পুত্ৰ ড০ পূৰ্ণ নাৰায়ণ সিংহ। চাৰিগৰাকী বাই-ভনী আৰু পাঁচজন পুত্ৰ সন্তানৰে ভৰা এই পৰিয়ালটোৰ পূৰ্বৰ পুৰুষক ব্ৰিটিছৰ বিষয়াৰ নেতৃত্বত মান সৈন্যৰ সৈতে যুদ্ধ কৰিবলৈ আহি তেজপুৰত আহোম ৰজা চন্দ্ৰকান্ত সিংহই থিতাপি লগায়। এইগৰাকী পূৰ্ণ নাৰায়ণ সিংহক ১৯৮২ চনৰ ‘মাৰা মাডিউক’ বিশ্ববিদ্যালয়ে ডক্টৰেট উপাধী প্ৰদান কৰা বিষয়ে জানিব পৰা গৈছে।
বৰ্ণিল প্ৰতিভা সম্পন্ন প্ৰয়াত ড০ পূৰ্ণ নাৰায়ণ সিংহৰ স্মৃতিত শেহতীয়াকৈ তেওঁৰ পৰিয়ালে বিশেষকৈ তেওঁৰ পুত্ৰ ড০ পৰশমণি সিংহ, জীয়ৰী ৰঞ্জিতা সিং দত্ত আৰু জোৱাই ডাঃ থানেশ্বৰ দত্তই এটি ট্ৰাষ্ট গঠন কৰি প্ৰয়াত সিংহৰ বৰ্ণিল গৌৰৱ যুগমীয়া কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। এই সুযোগতে তেখেত সকললৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।
জননেতা ড০ পূৰ্ণ নাৰায়ণ সিংহৰ ৰাজহুৱা জীৱন তথা সামাজিক ত্যাগ কোনো গুণেই কম নহয়। এইগৰাকী মহান পুৰুষৰ স্মৃতি চিৰ যুগমীয়া কৰাৰ স্বাৰ্থত সামাজিক অনুষ্ঠান প্ৰতিষ্ঠান আগবাঢ়ি অহাতো আমি কামনা কৰোঁ।
বান-উষাৰ দেশ তেজপুৰত খোদিত হৈ থাকক জননেতা ড০ পূৰ্ণ নাৰায়ণ সিংহৰ সামাজিক বৌদ্ধিক কৰ্মৰাজী। তেওঁৰ ১০৬ বছৰীয়া জন্মদিনটোত মহান পুৰুষ ড০ পূৰ্ণ নাৰায়ণ সিংহক শ্ৰদ্ধাৰে সোঁৱৰণ কৰিলো।
ফোনঃ ৯১০১০৮৪১৭৮

LEAVE A REPLY

Please enter your comment!
Please enter your name here