Home মুখ্য পৃষ্ঠা প্ৰেমিক প্ৰেমিকাৰ মাজৰ প্ৰেমত অভিভাৱকে বাধা দিয়া উচিত নে?

প্ৰেমিক প্ৰেমিকাৰ মাজৰ প্ৰেমত অভিভাৱকে বাধা দিয়া উচিত নে?

50
0

যুৱ লেখকৰ মতামত

প্ৰেম হেনো স্বৰ্গীয় অনুভূতি। প্ৰেমে নামানে জাতি-কুল, বংশ-আদৰ্শ, উচ্চ-নীচ, ধনী-দুখীয়া নামানে কোনো বাধাৰ প্ৰাচীৰ। সঁচা প্ৰেমে হাজাৰ বাধাৰ পাৰ ভাঙিও পূৰ্ণতা লাভ কৰে বুলি কোৱা হয়।

তেনেস্থলত অভিভাৱকে প্ৰেমিক প্ৰেমিকাৰ মাজৰ প্ৰেমত বাধা দিয়াৰ প্ৰয়োজনীয়তাই বা ক’ত· অৱস্থা চাই ব্যৱস্থা কৰাৰ দৰে প্ৰেমত অভিভাৱকে বাধা আৰোপ কৰিলেও অত্যধিক বাধা আৰোপ কৰিব নালাগে, অন্যথা তেওঁলোক বিদ্ৰোহী হৈ উঠিব পাৰে। আনকি তেওঁলোক অসন্তুষ্ট হৈ নিজকে শেষ কৰি দিয়াৰো চৰম সিদ্ধান্ত লোৱা দেখা যায়। অভিভাৱকে প্ৰেমত বাধা আৰোপ কৰাৰ আগত জানিব লাগিব যে কাৰ প্ৰেমত পৰিছে,ভৱিষ্যত অন্ধকাৰ হোৱাৰ আশংক্ষা আছে নেকি·কিয়নো বৰ্তমান ভণ্ড প্ৰেমিক প্ৰেমিকাৰ অভাৱ নাই।

প্ৰেমৰ নামত অভিনয় কৰি বিক্ৰী কৰা, ধন দাবী কৰা অথবা ধন-টকা আত্মসাৎ কৰা,অসৎ কৰ্মত লিপ্ত কৰা, অথবা হত্যা কৰাৰ দৰে ঘটনা বৰ্তমানৰ প্ৰেক্ষাপটত কোনো নতুন কথা নহয়। গতিকে তেনেস্থলত অভিভাৱকে প্ৰমিক প্ৰেমিকাৰ প্ৰেমত বাধা আৰোপ কৰাটো নিত্যান্তই প্ৰয়োজন।আনকি বহুসময়ত বংশগত অথবা পৰিয়ালগত আদৰ্শ, গৌৰৱ, যশ-মান আদিত আঘাত সনাৰ সম্ভাৱনীয়তা থাকিলেও অভিভাৱকে বাধা দিয়া দেখা যায়।

আকৌ, যি সময়ত পঢ়া শুনাত মনোনিবেশ কৰি নিজৰ কেৰিয়াৰ গঢ়াত মন দিব লাগে এনেকুৱা বয়সত যদি প্ৰেমত পৰি আত্মহাৰা হৈ পঢ়াৰ মূল উদ্দেশ্যৰ পৰা ফালৰি কাটি যোৱাৰ উপক্ৰম হ’লেও অভিভাৱকে তেওঁলোকৰ প্ৰেমত বাধা দিব পাৰে।অভিভাৱকসকলে নিজৰ সন্তানৰ সফলতাৰে বিশ্বদৰবাৰত চিনাকি দিয়াৰ প্ৰবল হেঁপাহত ডুব গৈ থাকে।গতিকে যদি নিজৰ সন্তানে প্ৰেমত পৰি সমাজ বহিঃৰ্ভূত কাম কৰে,অসৎ পন্থা অৱলম্বন কৰে, কু-পৰিৱেশৰ আশ্ৰয় লয় আৰু অনৈতিক কাৰ্যত লিপ্ত হয়,তেনেকুৱা পৰিস্থিতিত তেওঁলোকৰ প্ৰেমত বাধা আৰোপ কৰাতো জৰুৰী হৈ পৰে। গতিকে যদিও অভিভাৱকে প্ৰেমক নৈতিক সমৰ্থন কৰে তথাপি বহু ক্ষেত্ৰত বাধা আৰোপ কৰাৰ প্ৰয়োজনীয়তা আছে।

উত্তম লইং
ফোনঃ ৯১০১৫৬২৩৪৩


প্ৰাপ্তবয়স্ক প্ৰেমিক প্ৰেমিকাৰ মাজৰ সম্পৰ্কক বাধা দিয়া উচিত নহয় বুলি ভাবো । কাৰণ প্ৰেমে ধনী-দুখীয়া , উচ্চ-নীচ জাতি,ধৰ্ম নামানে। প্ৰেম এক প্ৰেৰণাদায়ক শক্তি। যাৰ সৈতে মন মিলে, সেইজনৰ সৈতেহে ভালপোৱা হয়। আজিকালি বহু প্ৰেমিক প্ৰেমিকাই বিয়াৰ পূৰ্বেই শাৰীৰিক সম্পৰ্ক স্থাপন কৰে। পিছলৈ অভিভাৱকে তেওঁলোকৰ সম্পৰ্কৰ মাজত প্ৰাচীৰ হৈ থিয় দিলে জীয়াই থকাটো অসহনীয় হৈ পৰে। প্ৰেম হেৰুওৱাৰ যন্ত্ৰণাত বহুজনে আত্মহত্যাৰ পথো বাছি লোৱা দেখা যায়। গতিকে, সন্তানৰ সুখময় ভৱিষ্যতৰ স্বাৰ্থত অভিভাৱকে প্ৰেমিক-প্ৰেমিকাৰ মাজৰ প্ৰেমত বাধা আৰোপ কৰা উচিত নহয় ।

সঞ্জয় ৰবিদাস
ফোনঃ ৬৯০১১৫৪৫৮৩


ভিভাৱসকল পথপ্ৰদৰ্শক হয় । সন্তানৰ ভাল বেয়া অভিভাৱকেই প্ৰথমে চিন্তা কৰে। বিপৰীত লিংগৰ প্ৰতি আসক্তি থকাটো প্ৰাকৃতিক। এই ক্ষেত্ৰত অভিভাৱক সকলে বিৰোধিতা কৰাতকৈ সন্তানক ভালদৰে বুজাই দিয়া উচিত যে তেওঁলোকৰ বাবে উচিত কি অনুচিত কি । প্ৰেমৰ লগত প্ৰধানকৈ আৱেগ জড়িত হৈ থাকে । আৱেগৰ বশৱৰ্তি হৈ যিকোনো সিদ্ধান্ত ল’ব নোৱাৰে । তেনে সময়ত প্ৰথমে বাধা দিয়াটো অনুচিত। কিয়নো তেনেক্ষেত্ৰত সন্তানসকলৰ মন জেদী হৈ পৰাৰ সম্ভাৱনাই বেছি হয়। জেদৰ বাবে বহুতো নল’ব লগীয়া সিদ্ধান্তও লোৱা দেখা যায় । অভিভাৱক সকলে ভালদৰে অনুসন্ধান কৰি যদি উচিত বুলি নাভাবে তেন্তে ভালদৰে বুজাই দিয়া উচিত বুলিয়ে ভাবো ।

ভবেন দাস
ফোনঃ ৯৪৩৫৫১০১৬৭

LEAVE A REPLY

Please enter your comment!
Please enter your name here