Home মুখ্য পৃষ্ঠা সোণাৰিত টাইপাৰ উদ্যোগত লাচিত দিৱস উদ্ যাপন…

সোণাৰিত টাইপাৰ উদ্যোগত লাচিত দিৱস উদ্ যাপন…

84
0

সোণাৰিত টাইপাৰ উদ্যোগত লাচিত দিৱস

দৈনন্দিন বাৰ্তা Live, সোণাৰিৰপৰা অভিজিৎ ভূঞাৰ ৰিপ’ৰ্ট, ২৪ নবেম্বৰ : অসম আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ হকে অসীম বীৰত্বৰে যুঁজ দি মোগলৰ অসম আগ্ৰাসনক প্ৰতিৰোধ কৰা মহাবীৰ লাচিত বৰফুকনৰ পবিত্ৰ স্মৃতিত টাই আহোম যুব পৰিষদ অসমৰ সোণাৰি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু চৰাইদেউ জিলা প্ৰশাসনৰ সহযোগত আজি মহাবীৰ লাচিত দিৱসৰ বিস্তৃত কাৰ্যসূচী ৰূপায়ন কৰা হয় | সোণাৰি নগৰস্থিত লাচিত উদ্যানত থকা মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত চৰাইদেউ জিলাৰ উপায়ুক্ত বিবেকানন্দ ফুকনে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা দিবসৰ কাৰ্যসূচী অনুসৰি প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰে টাইপা কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক ভাস্কৰ বৰুৱাই | সংগঠনটোৰ চৰাইদেউ জিলা সমিতিৰ সম্পাদক নবদ্বীপ বৰুৱাই আঁতধৰা অনুষ্ঠানটোত চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লামহাউ ডুংগল, সোণাৰিৰ বিষয় শিক্ষক তথা সাংস্কৃতিক কৰ্মী মনি গগৈয়ে মহাবীৰ লাচিতৰ আদৰ্শ তথা জীবন পৰিক্ৰমাৰ কথা নিজৰ ভাষণত উল্লেখ কৰে | সোণাৰি কমাৰ্চ কলেজৰ অধ্যক্ষ বিপুল দে, সোণাৰি পৌৰসভাৰ প্ৰাক্তন পৌৰপতি দিলীপ বুঢ়াগোহাঁই উপস্থিত থাকি ভাষন প্ৰদান কৰা অনুষ্ঠানত দ্বি শতাধিক জনতা উপস্থিত থাকে |

LEAVE A REPLY

Please enter your comment!
Please enter your name here