Home গুৱাহাটী বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গ্ৰন্থ ‘ভিন্ন সময় অভিন্ন মত’ উন্মোচন

বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গ্ৰন্থ ‘ভিন্ন সময় অভিন্ন মত’ উন্মোচন

24
0
Former Assam Sahitya Sabha President Dr Dhurbajyoti Borah, Tezpur University Vice canceler Dr Aramjyoti Choudharay, Assam women university VC Dr Malini Goswami and writer Anuradha Sarma pujari release Finance Minister Dr Himanta Biswa Sarmah’s Book “Bhinna samoy abhinna mat” at Guwahati

ডিজিটেল প্ৰতিনিধিঃ অসমৰ বিত্ত, গড়কাপ্টানি, স্বাস্থ্য মন্ত্ৰী তথা উত্তৰ-পূব গণতান্ত্ৰিক মৰ্চাৰ আহবায়ক ড০ হিমন্ত বিশ্ব শৰ্মাৰ তৃতীয়খন গ্ৰন্থ কালি উন্মোচন কৰা হয়। ‘ভিন্ন সময় অভিন্ন মত’ নামৰ ড০ হিমন্ত বিশ্ব শৰ্মাৰ এই গ্ৰন্থখন আজি মহানগৰীৰ দিছপুৰ লাষ্টগেটস্থিত গড়কাপ্টানি বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰথম মহলাৰ প্ৰেক্ষাগৃহত আয়োজিত এক গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উন্মোচন কৰা হয়।

‘আলোকপ্ৰভঞ্জন’ বঁটা প্ৰাপক ড০ অমৰজ্যোতি চৌধুৰী আৰু বিশিষ্ট ঔপন্যাসিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে এই গ্ৰন্থখন উন্মোচন কৰে। প্ৰেক্ষাগৃহত লোকাৰণ্য হৈ পৰা গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ মালিনী গোস্বামী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ধ্ৰু¸ৱজ্যোতি বৰা উপস্থিত আছিল। গ্ৰন্থ উন্মোচনৰ পূৰ্বে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক আবেগিক ভাষণেৰে উপস্থিত লোকসকলক মন্ত্ৰমুগ্ধ কৰি তোলে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here