Home Breaking কুমাৰ সঞ্জয়কৃষ্ণই হ’ব পৰৱৰ্তী মুখ্য সচিব! কেন্দ্ৰীয় ডেপুটেশ্যনৰ পৰা ঘূৰি নাহে শৈলেশ-সৰস্বতী-সুমিত

কুমাৰ সঞ্জয়কৃষ্ণই হ’ব পৰৱৰ্তী মুখ্য সচিব! কেন্দ্ৰীয় ডেপুটেশ্যনৰ পৰা ঘূৰি নাহে শৈলেশ-সৰস্বতী-সুমিত

28
1

দৈনন্দিন বাৰ্তা, ডিজিটেল প্ৰতিনিধিঃ ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব হিচাপে জ্যেষ্ঠ আইএএছ বিষয়া কুমাৰ সঞ্জয়কৃষ্ণ নিযুক্ত হোৱাটো একপ্ৰকাৰ খাটাং হৈ পৰিছে। ১৯৮৫ বৰ্ষৰ এইগৰাকী বিষয়াই বিগত তিনি বছৰ ধৰি অসম চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিভাগ দক্ষতাৰে পৰিচালনা কৰিছে। ফলত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে দিছপুৰৰ গৰিষ্ঠসংখ্যকৰ প্ৰিয়ভাজন হৈ পৰিছে। সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰৰ ডেপুটেশ্যনত থকা কেইবাজনো সম-পদমৰ্যাদাৰ বিষয়াই দিছপুৰলৈ ঘূৰি আহিবলৈ অস্বীকাৰ কৰিছে।

যাৰ বাবে বৰ্তমানৰ তিনি বিষয়া ক্ৰমে ৰাজীৱ কুমাৰ বৰা, ভি এছ ভাস্কৰ আৰু কুমাৰ সঞ্জয়কৃষ্ণৰ মাজৰ পৰা শেষৰজনেই পৰৱৰ্তী মুখ্য সচিব হিচাপে দায়িত্ব লাভ কৰাৰ পথ প্ৰশস্ত হৈ পৰিছে। উল্লেখ্য যে কুমাৰ সঞ্জয়কৃষ্ণৰ হাতত আছে এতিয়া ৰাজ্যৰ সবাটোকৈ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত গৃহ, ৰাজনৈতিক, ৰাজহ, দুৰ্যোগ ব্যৱস্থাপনা আদিৰ লগতে তথ্য আৰু জনসংযোগ, প্ৰিণ্টিং আৰু ষ্টেচনাৰী, জনস্বাস্থ্য কাৰিকৰী বিভাগ আদি। ইয়াৰে প্ৰথম বিভাগকেইটা মুখ্যমন্ত্ৰী সোণোৱালৰ হাতত আছে। সেয়েহে দিছপুৰৰ প্ৰশাসনযন্ত্ৰৰ গুৰুত্বপূৰ্ণ বিভাগ লাভ কৰি কুমাৰ সঞ্জয়কৃষ্ণই মুখ্যমন্ত্ৰীৰ আস্থাভাজন হ’বলৈ সক্ষম হৈছে।

ইয়াৰ বিপৰীতে একেটা বৰ্ষৰে আইএএছ ৰাজীৱ কুমাৰ বৰা আৰু ভি এছ ভাস্কৰৰ হাতত তুলনামূলকভাৱে কম গুৰুত্বপূৰ্ণ বিভাগহে আছে। ৰাজীৱ কুমাৰ বৰা ৰাজ্যৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ হোৱাৰ সুবাদতে বিগত কংগ্ৰেছ চৰকাৰৰ আমোলত একাধিক বিতৰ্কক সাঙোৰ খাই পৰিছিল। ভি এছ ভাস্কৰে নিলম্বনৰ সন্মুখীন হৈছিল নিজৰ অমাৰ্জিত আৰু শিষ্টাচাৰহীন কাৰ্য-কলাপৰ বাবে। আনহাতে কেন্দ্ৰীয় চৰকাৰৰ ডেপুটেশ্যনত থকা শ্ৰী শৈলেশ, সৰস্বতী প্ৰসাদ, সুমীত জৰথ অচিৰেই দিছপুৰলৈ ঘূৰি অহাৰ সম্ভাৱনা নাই।

কুমাৰ সঞ্জয়কৃষ্ণতকৈ জ্যেষ্ঠ অজয় কুমাৰ ভাল্লা বৰ্তমানেও কেন্দ্ৰীয় চৰকাৰৰ ডেপুটেচনত আছে আৰু অহা ডিচেম্বৰ মাহতে অসমৰ মুখ্য সচিব আলোক কুমাৰৰ সৈতে একেলগে অৱসৰ গ্ৰহণ কৰিব। অন্য এগৰাকী বিষয়া ৰবি কাপুৰেও মুখ্য সচিব হ’বলৈ আকাংক্ষা কৰে যদিও তেওঁৰ সম্ভাৱনা পিছৰ পৰ্যায়তহে দেখাৰ আশা কৰিব পাৰি। এনেকৈয়ে নতুন বছৰৰ প্ৰথম দিনটোৰ পৰাই ৰাজ্যত মুখ্য সচিবৰ গুৰুত্বপূৰ্ণ পদবীত কুমাৰ সঞ্জয়কৃষ্ণ অধিষ্ঠিত হোৱাৰ সৰ্বাধিক সম্ভাৱনা বহন কৰা বুলিব পাৰি।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here