Home অসম ৰাজ্যজুৰি সুধাকণ্ঠ ভূপেন হাজৰিকাক স্মৰণঃ ড০ ভূপেন হাজৰিকাৰ সংগীতৰ মাজেৰে প্ৰকাশিত প্ৰকৃত...

ৰাজ্যজুৰি সুধাকণ্ঠ ভূপেন হাজৰিকাক স্মৰণঃ ড০ ভূপেন হাজৰিকাৰ সংগীতৰ মাজেৰে প্ৰকাশিত প্ৰকৃত সত্যক জনগণে উপলব্ধি কৰিব লাগিবঃ মুখ্যমন্ত্ৰী

22
1
Chief Minister Sarbananda Sonowal interacting with the child chorus singers of Bishnu Jyoti Kala Kendra at the 8th death anniversary programme of Dr Bhupen Hazarika at his Samadhi Kshetra at Jalukbari in Guwahati

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ ‘আমি যদি একবিংশ শতিকাত শক্তিশালীভাৱে আগুৱাই যাব লাগে আৰু মূল্যবোধ আধাৰিত এখন সমাজ নিৰ্মাণ কৰিব বিচাৰো তেতিয়া আমি সকলোৱে ড০ ভূপেন হাজৰিকাৰ আদৰ্শৰ দ্বাৰা পৰিচালিত হ’ব লাগিব। সুধাকণ্ঠ ভাৰতৰত্ন ড০ ভূপেন হাজৰিকাৰ সংগীতৰ জৰিয়তে মানৱতাবোধ, ভাতৃত্ববোধ আৰু শান্তিৰ বাণী প্ৰকাশি উঠিছিল। এইগৰাকী মহান শিল্পীয়ে সমগ্ৰ বিশ্বকে নিজৰ ঘৰ হিচাপে বিবেচনা কৰিছিল। মানুহৰ প্ৰতি সহানুভূতি আছিল শিল্পীগৰাকীৰ চৰিত্ৰৰ এক মহান দিশ। আমি এইগৰাকী মহান শিল্পীৰ আদৰ্শৰে মানৱতাবাদ তথা মূল্যবোধক অধিক উজ্জীৱিত কৰিব লাগিব।’

মহানগৰীৰ জালুকবাৰীত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা সমাধিক্ষেত্ৰত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে আয়োজন কৰা শিল্পীগৰাকীৰ অষ্টম মৃত্যু বাৰ্ষিকী উপলক্ষে স্মৃতি তৰ্পণ আৰু সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত অংশ গ্ৰহণ কৰি এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইদৰে কয়।

‘উই আৰ ইন দ্যা চেম ব’ট ব্ৰাডাৰ’ আৰু ‘জিলিকাব লুইতৰে পাৰ’ গানৰ উদ্ধৃতি দাঙি ধৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভূপেন হাজৰিকাৰ গানৰ মাজৰে প্ৰৱাহিত মূল সত্যক আমি অনুধাৱন কৰিব লাগিব। তেতিয়াহে অসমৰ সম্ভাৱনীয়তা সমূহ বিকাশই তুলি উন্নয়নৰ দ্ৰুত পথৰে ধাৱমান হোৱাটো সম্ভৱ হৈ পৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। জ্ঞানৰ জৰিয়তে আজিৰ প্ৰতিযোগিতামুখী বিশ্বত আমাৰ স্থিতি সগৌৰৱৰে তুলি ধৰিবলৈ হ’লে আমি সংকীৰ্ণতা পৰিত্যাগ কৰি বহল দৃষ্টিভংগীৰে আগুৱাই যাব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। দেশ তথা আমাৰ এই অঞ্চলৰ পৰিসীমা অতিক্ৰমি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাই বিশ্বৰ সাংস্কৃতিক মানচিত্ৰত অসমীয়া জাতিৰ পৰিচয় শক্তিশালীভাৱে দাঙি ধৰিছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এইগৰাকী মহান শিল্পীয়ে আমাৰ ৰাজ্যখনৰ বাৰেৰহণীয়া সংস্কৃতি আৰু সংগীতক বিশ্ববাসীৰ সৈতে পৰিচয় কৰাই দিছিল। মুখ্যমন্ত্ৰীয়ে কয় যে মানৱতাবাদ আৰু মূল্যবোধৰে বৃহত্তৰ অসমীয়া জাতি গঠন কৰাটো গণশিল্পী গৰাকীৰ সপোন আছিল। আমি বিশ্ব ভাতৃত্ববোধৰ বাবে তেখেতৰ আদৰ্শক অনুসৰণ কৰি শিল্পী গৰাকীৰ সপোন বাস্তৱায়িত কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে কয়।

মুখ্যমন্ত্ৰীয়ে কয় যে ড০ ভূপেন হাজৰিকাৰ সংগীতৰ মাজৰে আধ্যাত্মিকতা আৰু ভক্তিভাৱৰ উন্মেষ সাধন হৈছিল। এইগৰাকী শিল্পীয়ে মূল্যবোধ আৰু চেতনাৰে এখন মানৱীয় মূল্যবোধ সম্পন্ন সমাজ গঢ়াৰ বাবে দি যোৱা আদৰ্শৰে আমি আগবাঢ়ি যাব লাগিব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে অসমৰ উন্নয়ন আৰু বিকাশ অধিক দ্ৰুত কৰাৰ বাবে কঠোৰ পৰিশ্ৰম আৰু উৎসৰ্গিত মনোভাৱৰে কাম কৰি যাবলৈ যুৱ প্ৰজন্মক আহবান জনায়। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে দেশক গঢ় দিয়াৰ বাবে চলোৱা প্ৰয়াস এক উৎসাহজনক উদাহৰণ বুলিও কয়। আমাৰ সন্মুখত দেখা দিয়া প্ৰত্যাহবানসমূহ মোকাবিলা কৰি শান্তি আৰু সম্প্ৰীতি অক্ষুন্ন ৰখাৰ বাবে আহবান জনাই মুখ্যমন্ত্ৰীয়ে কয় যে ড০ ভূপেন হাজৰিকাৰ গানৰ মাধ্যমৰে জীৱনৰ গভীৰ অৰ্থ প্ৰকাশি উঠিছিল।

এইবোৰ কেৱল সাহিত্যৰ একো-একোটা শব্দই নাছিল বুলিও তেওঁ কয়। ৰাজ্যখনৰ শান্তি আৰু সম্প্ৰীতিৰ পৰিবেশ বৰ্তাই ৰখাৰ বাবে সমাজৰ সকলো শ্ৰেণীৰ জনসাধাৰণক হাতত হাত মিলাই আগবাঢ়ি যোৱাৰ বাবে আহবান জনাই মুখ্যমন্ত্ৰীয়ে কয় যে সমাজখনক অধিক শক্তিশালীভাৱে আগুৱাই নিয়াৰ বাবে সকলো সীমাবদ্ধতা অতিক্ৰমি শান্তি আৰু সুখৰ এক পৰিবেশ নিৰ্মাণ কৰাটো অতিশয় গুৰুত্বপূৰ্ণ। আজিৰ এই অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে, মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, সাংস্কৃতিক বিভাগৰ সঞ্চালক বিষু্ণ কমল বৰা প্ৰমুখ্যে গণ্য-মান্য ব্যক্তিসকল উপস্থিত আছিল।

1 COMMENT

  1. I like the helpful info you provide in your articles. I’ll bookmark your blog and check again here frequently. I am quite sure I’ll learn many new stuff right here! Good luck for the next!

LEAVE A REPLY

Please enter your comment!
Please enter your name here