Home Breaking অস্ত্ৰ আইন সংশোধন কৰিব কেন্দ্ৰইঃ মাৰণাস্ত্ৰৰ অপব্যৱহাৰ কৰিলে যাৱজ্জীৱন কাৰাদণ্ডসহ এক লাখৰ...

অস্ত্ৰ আইন সংশোধন কৰিব কেন্দ্ৰইঃ মাৰণাস্ত্ৰৰ অপব্যৱহাৰ কৰিলে যাৱজ্জীৱন কাৰাদণ্ডসহ এক লাখৰ জৰিমনাঃ নিষিদ্ধ হ’ব গুলী ফুটাই কৰা আনন্দ-উৎসৱ

53
6

ডিজিটেল বাৰ্তাঃ উত্তৰ ভাৰতৰ একাংশ প্ৰভাৱশালী ব্যক্তিয়ে জন্ম দিৱস, পূজা-অৰ্চনা, ৰাজহুৱা সভা আদিত আনন্দতে শূন্যলৈ গুলী ফুটাই আনন্দ উৎসৱ উদ্যাপন কৰা দেখা যায়। এতিয়াৰ পৰা এই কাৰ্য সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হ’ব। লগতে মাৰণাস্ত্ৰৰ অপব্যৱহাৰ কৰিলে যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে একলাখ টকালৈকে জৰিমনা আদায় দিব লাগিব। উল্লেখ্য যে দেশত বৰ্তমান প্ৰচলিত আৰ্মছ এক্ট-১৯৫৯ খনৰ ব্যাপক সংশোধনৰ পোষকতা কৰা হৈছে। ইয়াৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ইতিমধ্যে মণিপুৰ, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, বিহাৰ, অন্ধ্ৰপ্ৰদেশ, পাঞ্জাৱ, কেৰালা আৰু মহাৰাষ্ট্ৰৰ আৰক্ষী মূৰববীসকলৰ সৈতে আনুষ্ঠানিক আলোচনা সম্পন্ন কৰিছে।

সমগ্ৰ দেশত ৩৫ লাখতকৈও অধিক লোকৰ হাতত অস্ত্ৰৰ অনুজ্ঞাপত্ৰ আছে। এতিয়াৰ পৰা অনুজ্ঞাপত্ৰ প্ৰদানৰ ক্ষেত্ৰত ব্যাপক সংশোধনী ঘটোৱা হ’ব। সংসদৰ আগন্তুক শীতকালীন অদিৱেশনত এই সংশোধনী বিধেয়ক উত্থাপন কৰা হ’ব। সেই অনুসৰি মাৰণাস্ত্ৰ অপব্যৱহাৰ কৰিলে নিম্নতম ১৪ বছৰ কাৰাবাস খাতিব লাগিব। প্ৰয়োজনত কাৰাবাসৰ ম্যাদ বৃদ্ধি কৰা হ’ব যদিও হ্ৰাস কৰা নহয়।

লগতে এক লাখ টকা পৰ্যন্ত ব্যক্তিবিশেষৰ গোচৰৰ ভিত্তিত জৰিমনাও আদায় দিব লাগিব। যিসকলে উৎসৱ-পাৰ্বনত বন্দুকৰ গুলী ফুটাই আনন্দ উৎসৱ কৰে তেওঁলোকৰ বিৰুদ্ধেও একেই কঠোৰ পদক্ষেপ লোৱা হ’ব। যদিহে কোনো ব্যক্তিৰ এখনতকৈ বেছি অনুজ্ঞাপত্ৰ আছে তেনেহ’লে এখনৰ বাহিৰে বা অন্য অনুজ্ঞাপত্ৰবোৰ বাতিল কৰা হ’ব। নতুনকৈ অনুজ্ঞাপত্ৰ প্ৰদানৰ ক্ষেত্ৰতো কঠোৰতা অৱলম্বন কৰা হ’ব। খেলুৱৈসকলক কেৱল পইণ্ট ২২ কেলিবাৰ ৰাইফলৰ অনুজ্ঞাপত্ৰহে দিয়া হ’ব যদিহে একেৰাহে দুবছৰ তেওঁলোকে ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় খেলত প্ৰতিনিধিত্ব কৰা যোগ্যতা অৰ্জন কৰিছে।

6 COMMENTS

  1. I have not checked in here for a while as I thought it
    was getting boring, but the last few posts are great quality so I guess I’ll add you
    back to my everyday bloglist. You deserve it my friend 🙂

  2. whoah this blog is fantastic i like reading your articles.
    Stay up the great work! You realize, many individuals are searching
    around for this info, you can aid them greatly.

  3. Hi! Do you know if they make any plugins to safeguard against hackers?
    I’m kinda paranoidd about losing everything I’ve worked hard on. Any
    tips?

  4. hey there and thank you for your info – I’ve definitely
    picked up something new from right here. I
    did however expertise some technical issues using this website,
    since I experienced to reload the site a lot of times previous to I could
    get it to load correctly. I had been wondering if your hosting is OK?

    Not that I’m complaining, but slow loading instances times will often affect your placement in google
    and can damage your quality score if ads and
    marketing with Adwords. Anyway I’m adding this RSS to my email and could look out for much more of
    your respective exciting content. Make sure you update this again very soon.

LEAVE A REPLY

Please enter your comment!
Please enter your name here