Home অসম ব্ৰহ্মপুত্ৰ পুষ্কৰ-সাংস্কৃতিক মহোৎসৱ মুকলি কৰিলে মুখ্যমন্ত্ৰী সোণোৱালেঃ ব্ৰহ্মপুত্ৰ আমাৰ সংস্কৃতি, সভ্যতা আৰু...

ব্ৰহ্মপুত্ৰ পুষ্কৰ-সাংস্কৃতিক মহোৎসৱ মুকলি কৰিলে মুখ্যমন্ত্ৰী সোণোৱালেঃ ব্ৰহ্মপুত্ৰ আমাৰ সংস্কৃতি, সভ্যতা আৰু শক্তি

22
1
Chief Minister of Assam Sarbananda Sonowal lighting the inugrating lamp of Brahmaputra Pushkar and Sanskritik Mahotsav 2019,at bank of river Brahmaputra of Sonaram H.S. field at Bharalumukh in Guwahati on 05-11-19. Expecting the presence of over two lakh devotees from all over the country, the Brahmaputra Pushkar and Sanskritik Mahotsav-2019 will be held from November 5 to November 16.

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ব্ৰহ্মপুত্ৰ পুষ্কৰ আৰু সাংস্কৃতিক মহোৎসৱ-২০১৯ ৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি অসমৰ সমাজ তথা সাংস্কৃতিক জীৱনত ব্ৰহ্মপুত্ৰই বহন কৰি অহা গুৰুত্বপূৰ্ণ দিশ সামৰি বক্তব্য প্ৰদান কৰে। গুৱাহাটীৰ পূৰ্ব তিৰুপতি শ্ৰীবালাজী সমিতিয়ে চেন্নাইৰ শ্ৰীমহালক্ষ্মী চেৰিটেবল ট্ৰাষ্টৰ সহযোগত মহানগৰীৰ সোণাৰাম হাইস্কুল খেলপথাৰত এই মহোৎসৱৰ আয়োজন কৰিছে।

উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী সোণোৱালে কয় যে ব্ৰহ্মপুত্ৰ হ’ল আমাৰ সংস্কৃতি, সভ্যতা আৰু শক্তি। এই মহোৎসৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এক ভাৰত, শ্ৰেষ্ঠ ভাৰত গঢ়াৰ স্বপ্ন বাস্তৱায়িত কৰাৰ দিশত এক সুযোগ প্ৰদান কৰিছে বুলি উল্লেখ কৰি এই মহোৎসৱে উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে দাক্ষিণাত্যৰ সম্বন্ধ সুদৃঢ় কৰাৰ দিশটো বিশেষ অৰিহণাযোগাব বুলি কয়।

পুষ্কৰ মহোৎসৱৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ নৈসৰ্গিক প্ৰাকৃতিক শোভা সমগ্ৰ বিশ্বকে প্ৰদৰ্শন কৰাৰ দিশটো আমি গুৰুত্ব আৰোপ কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। উল্লেখ্য যে কালিৰে পৰা ১৬ নৱেম্বৰলৈ ১২ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই পুষ্কৰ মহোৎসৱ ভাৰতৰ ১২ খন গুৰুত্বপূৰ্ণ নদীৰ পাৰত অনুষ্ঠিত হয়। এই উৎসৱ এখন নদীৰ পাৰত প্ৰতি ১২ বছৰৰ মূৰতহে অনুষ্ঠিত হয়। পুষ্কৰ মহোৎসৱত অংশগ্ৰহণৰ বাবে দাক্ষিণাত্যৰ পৰা ৰাজ্যখনলৈ অহা ভক্তসকল আমাৰ অতিথি নহয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এই ভক্তগণ আমাৰ সম্পৰ্কীয় বুলি কয়। এই ভক্তগণ বৃহত্তৰ ভাৰতীয় সত্ত্বাৰ এক অবিেচ্ছদ্য অংগ বুলি তেওঁ কয়।

পুষ্কৰ মহোৎসৱৰ লেখীয়া উৎসৱ সমূহে আমাৰ দেশৰ বিভিন্ন প্ৰান্তৰ জনসাধাৰণৰ মাজত একতা তথা সহৃদয়তাৰ ভাৱ সুদৃঢ়কৰণৰ দিশত বলিষ্ঠ অৰিহণা যোগায় বুলিও মুখ্যমন্ত্ৰীয়ে কয়। এই মহোৎসৱে মানৱীয় প্ৰমূল্যবোধ সুদৃঢ় কৰাৰ উপৰি আমাৰ মাজত থকা সমল আৰু সম্ভাৱনীয়তা সমূহ বিকশাই তোলাৰ দিশটো অৰিহণা যোগাব বুলি তেওঁ কয়। এই উৎসৱৰ জৰিয়তে আমাৰ ৰাজ্যখনলৈ তথা উত্তৰ-পূৰ্বাঞ্চললৈ পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। উদ্বোধনী অনুষ্ঠানত আয়োজক সমিতিৰ বিষয়ববীয়া সকলৰ লগতে বহু সংখ্যক গণ্য-মান্য ব্যক্তি তথা ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here