Home মুখ্য পৃষ্ঠা মদ কোনেও বন্ধ কৰিব নোৱাৰে

মদ কোনেও বন্ধ কৰিব নোৱাৰে

30
1

বিষাক্ত চুলাই পান কৰি অসমত ডেৰশৰো অধিক লোক মৃত্যুমুখত পৰাৰ সাতমাহ উকলিল মাত্ৰ, পুনৰ সস্তীয়া মদৰ বটলেৰে ভৰি পৰিল সুৰা ট্ৰেজেদিৰ কেন্দ্ৰস্থল তিতাবৰ মহকুমাৰ বৰহোলাৰ ওচৰে-পাজৰে থকা গ্ৰামাঞ্চলসমূহ। এতিয়া আগৰ সেই ঘৰতে প্ৰস্তুত কৰা লোকেল চুলাই নাই, তাৰ ঠাই দখল কৰিলে মায়াবিনি,মস্তি,লাহে লাহে, ৰাইন’ আদি ব্ৰেণ্ডেড চুলাইৰ বটলবোৰে। এইবোৰ মদ বিজ্ঞান সন্মতভাৱে প্ৰস্তুত হেনো। কিন্তু হাজাৰ বিজ্ঞানসন্মতভাৱে প্ৰস্তুত নকৰক কিয়,মদ মদেই। সুস্থ পৰিৱেশ আৰু মানুহৰ স্বাস্থ্যৰ হানিকাৰক বৰবিহ। গ্ৰামাঞ্চলত খুচুৰা মদৰ অবৈধ ঘাটিসমূহ পুনৰ গা কৰি উঠিল। স্থানীয় আৰক্ষী প্ৰশাসনৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ খুচুৰা মদৰ ব্যৱসায়ীসকলে ৱাইন শ্ব’পসমূহৰ পৰা চৰকাৰীভাৱে নিৰ্ধাৰিত দামত কাৰ্টুনে কাৰ্টুনে মদ কিনি আনি গাঁৱৰ লোকসকলক দুগুণ দামত বিক্ৰী কৰি ৰমৰমীয়া ব্যৱসায় কৰি আহিছে। লোকেল চুলাইৰ অভাৱত ৱাইন শ্ব’পসমূহত মদৰ চাহিদা বাঢ়িছে। মদাহীবোৰে কোৱা শুনোঁ— ‘কোনেও মদ বন্ধ কৰিব নোৱাৰে, দুদিন বন্ধ হ’ব,আকৌ খুলিব।’ এৰা, মদৰ পৰা সৰ্বাধিক ৰাজহ লাভ কৰে চৰকাৰে। সুৰা ট্ৰেজেদিৰ পৰা কোনেও শিক্ষা নল’লে। অসমক সুৰা নিষিদ্ধ ৰাজ্য হিচাপে ঘোষণা কৰাৰ পৰাও বিৰত থাকিল। ৱাইন শ্ব’পৰ মদ অথবা খুচুৰা বেপাৰীৰ মদ সকলো একেই। খুচুৰা বিক্ৰেতাসকলে অনুজ্ঞাপত্ৰ অবিহনে আৰু চৰকাৰক বিক্ৰী কৰ নিদিয়ে বাবে কেৱল তেওঁলোকৰ ঘাটিসমূহ উচ্ছেদ কৰিলে জানো সমস্যাৰ শেষ হ’ব· অনুজ্ঞাপত্ৰ থকা সুৰাৰ দোকানসমূহ উৎখাত নকৰালৈকে মদৰ প্ৰচলন আৰু মদাহীৰ সংখ্যা দিনক-দিনে বাঢ়ি গৈয়ে থাকিব, কেতিয়াও নকমে। অনুজ্ঞাপত্ৰ থকা দোকানৰ মদবোৰ সমাজ আৰু মানৱ স্বাস্থ্যৰ বাবে একেই হানিকাৰক নহয় জানো· গতিকে চুলাই-মদ ব্যৱসায়টোৱেই অবৈধ। মদে কিমান মানুহক ধ্বংস কৰিছে, কিমান ঘৰ-পৰিয়ালক অশান্তিৰ গৰাহলৈ ঠেলি দিছে, সমাজৰ সুস্থ শৈক্ষিক, সামাজিক পৰিৱেশ বিনষ্ট কৰিছে সেয়া ভুক্তভোগীসকলেহে বুজি পায়। মদাহীৰ ঘৰত সন্তানৰ পঢ়া-শুনাৰ সময়ত প্ৰতিনিশা কাজিয়া, হুলস্থূল। তেনেকুৱা পৰিৱেশত সন্তানে কেনেকৈ মনপুতি অধ্যয়ন কৰিব· তেনে পৰিয়ালৰ সন্তানসমূহৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যতৰ কথা আজি চিন্তা কৰে কোনে·মদে গাঁও আৰু চাহ বাগিছা অঞ্চলৰ শৈক্ষিক ক্ষেত্ৰখনক ধ্বংস কৰিছে । মদৰ বিক্ৰীত কাৰো বাধা নাই। এনেকৈ অসমৰ শৈক্ষিক জগতৰ কেনেকৈ উন্নতি হ’ব?

সঞ্জয় ৰবিদাস
বৰহোলা, যোৰহাট
ফোনঃ ৬৯০১১৫৪৫৮৩

1 COMMENT

  1. Howdy I am so excited I found your webpage, I really found you by mistake, while I was browsing on Aol for something else, Anyways I am here now and would just like to say cheers for a marvelous post and a all round exciting blog (I also love the theme/design), I don’t have time to browse it all at the moment but I have saved it and also added in your RSS feeds, so when I have time I will be back to read a great deal more, Please do keep up the great job.

LEAVE A REPLY

Please enter your comment!
Please enter your name here