Home অসম মধ্যাহ্ন ভোজনৰ কথা -পুলিন শইকীয়া-

মধ্যাহ্ন ভোজনৰ কথা -পুলিন শইকীয়া-

31
1

মাৰ দেশৰ একাংশ শিশুৰ অভিভাৱকে বিভিন্ন অজুহাতত নিজ সন্তানক পুৱাৰ আহাৰ যোগান ধৰি বিদ্যালয়লৈ নপঠায় বা পঠিয়াব নোৱাৰে। ফলত শিক্ষাৰ্থীৰ উপস্থিতি বিদ্যালয় বিলাকত আশানুৰূপ নহয়। এনেদৰে দেশৰ একাংশ শিশু শিক্ষা লাভৰ পৰা সদায় বিৰত হৈ আহিছে, যিটো দেশখনৰ ভৱিষ্যতৰ কাৰণে এক চিন্তনীয় বিষয়। খাদ্যৰ অভাৱৰ বাবে যাতে কোনো শিশুৱে শিক্ষাৰ পৰা বঞ্চিত হ’ব লগা নহয়, ঘৰত নোপোৱা খাদ্য তেওঁলোকক বিদ্যালয়ত যোগান ধৰিব পৰি- সেই উৰ্দেশ্যে চৰকাৰে সেই সময়ৰ ভাৰত চৰকাৰৰ চিন্তাশীল ব্যক্তিসকলৰ পৰামৰ্শ মতে ‘সৰ্বশিক্ষা আঁচনি’ৰ সমান্তৰালকৈ ‘মধ্যাহ্ন ভোজন আঁচনি’ আৰম্ভ কৰিছিল।

চৰকাৰী বিদ্যালয়ত ‘মধ্যাহ্ন ভোজন’ ব্যৱস্থা আৰম্ভ হোৱাৰ লগে লগে সেই অঞ্চল বোৰত বিদ্যালয়ৰ মুখ নেদেখা শিশুৰ সংখ্যা শূন্য হ’ব বুলি আশা কৰা হৈছিল। কিন্তু ‘সৰ্বশিক্ষা অভিযান’ৰ হাজাৰ প্ৰচেষ্টাৰ পাছতো আজিও গাঁৱে গাঁৱে বিদ্যালয়লৈ নোযোৱা শিশু ভালেসংখ্যক থাকি গ’ল। সৰ্বশিক্ষা অভিযানৰ কৰ্মী, স্থানীয় চৰকাৰী গাওঁবুঢ়া, আশাকৰ্মী, ৱাৰ্ড মেম্বাৰ, পঞ্চায়ত সভাপতি, এ এন এম , যুৱ সংঘ আৰু মহিলা সমিতি আৰু সেই অঞ্চলৰ প্ৰতিজন চৰকাৰী শিক্ষক-শিক্ষয়িত্ৰীৰ সন্মিলিত প্ৰচেষ্টা অৱিহনে গাওঁ সমূহৰ পৰা আন্ধাৰযে দূৰ কৰিব পৰা নাযায়, সেই কথা আমাক অভিজ্ঞতাই শিকালে। যি উৰ্দেশ্যত মধ্যাহ্ন ভোজন আঁচনিখন আৰম্ভ কৰা হৈছিল সেয়া কিমানদূৰ হ’ল ৰাইজে দেখিছে। আৰম্ভণিৰ পৰা বহু বিতৰ্কৰ মাজেদি আহি ‘মধ্যাহ্ন ভোজনে’ আজিৰ এই অৱস্থা পাইছেহি।

মধ্যাহ্ন ভোজনৰ চাউল, টকা পইচা অহাৰ লগে লগে পৰিচালনা একাংশ পৰিচালনা সমিতৰ সভাপতি- বিদ্যালয় প্ৰধানৰ লালসা বাঢ়ি গ’ল। প্ৰতি মাহে দুই-চাৰিশ টকা নাপালে সভাপতিয়ে চেকত চহী নকৰা হ’ল।প্ৰধান শিক্ষকক শলঠেকত পেলাবলৈ একাংশ চতুৰ সভাপতিয়ে ৰান্ধনি সকলক লৈ লবী সৃষ্টি কৰিলে। চাউলৰ খালী বস্তা কেইটা নিবলৈ নাপালেও একাংশ ৰান্ধনিযনীয়ে বিদ্যালয় প্ৰধানৰ বিৰুদ্ধে মিছা অজুহাত আনিব ধৰিলে।হিচাপ-নিকাচৰ নামতো সৰ্বশিক্ষাৰ একাংশ একাউণ্টেণ্টে তুলনামূলকভাৱে কম শিক্ষাৰ বিদ্যালয় প্ৰধান সকলক জ্বলাকলা খুৱালে। এনেকুৱা অৱস্থাত তিস্তি থাকিব নোৱাৰি বহু শিক্ষক নিলম্বন পৰ্যন্ত হ’ল। দুই এজন শিক্ষকৰ অকালতে মৃত্যু পৰ্যন্ত হ’ল। নিম্ন প্ৰাথমিক বিদ্যালয় বোৰত একেজন শিক্ষকে পাঠদানেই কৰিবনে মধ্যাহ্ন ভোজনৰ যোগাৰেই কৰিব-এনে পৰিস্থিতিৰ সৃষ্টি হ’ল।

ভুতৰ ওপৰত দানহ পৰাদি একাংশ ঘোচখোৰ অসাধু শিক্ষা বিষয়াই মধ্যাহ্ন ভোজনৰ গইনা লৈ শিক্ষক সকলক হাৰাশাস্তি কৰিলে।পৰিচালনা সমিতিৰ সভাপতিক বিভাগে যিহেতু একো কৰিব নোৱাৰে, গতিকে সমস্ত দোষৰ ভাৰ বিদ্যালয় প্ৰধানজনৰ ওপৰত জাপি দিয়া হয়। এইবিলাক কাৰণতে বোধহয় শিক্ষকসকলে মধ্যাহ্ন ভোজনৰ দ্বয়িত্বৰ পৰা আঁতৰি থাকিব বিছাৰিছিল।

শেহতীয়াকৈ চৰকাৰে শিক্ষকসকলক মধ্যাহ্ন ভোজনৰ দ্বায়িত্বৰ পৰা ৰেহাই দিবলৈ যি পদক্ষেপ গ্ৰহণ কৰিছে সি সঁচাই আদৰণীয়।ইচ্ছা কৰিলে স্থানীয় এন জি অ’ বা আত্ম সহায়ক গোটৰ জৰিয়তে সূচাৰু ৰূপে চৰকাৰে ব্যৱস্থাটো চলাই নিব পাৰে।ৰান্ধনিযনী সকলৰ জীৱিকাৰ পথটোৰ কথাও চৰকাৰে গুৰুত্ব দিয়া উচিত বুলি আমি ভাবোঁ।

কেঁকুৰি বেবেজীয়া, ঢকুৱাখনা
ফোনঃ ৮৬৩৮২৯১৩৫০

1 COMMENT

  1. Thanks a lot for sharing this with all of us you actually know what you are talking about! Bookmarked. Kindly also visit my website =). We could have a link exchange agreement between us!

LEAVE A REPLY

Please enter your comment!
Please enter your name here