Home অসম ৪ জিলাৰ উপায়ুক্ত সলনিঃ পৰিবহণৰ নতুন আয়ুক্ত আদিল খান

৪ জিলাৰ উপায়ুক্ত সলনিঃ পৰিবহণৰ নতুন আয়ুক্ত আদিল খান

27
1

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱাঃ অসম চৰকাৰে এক নিৰ্দেশনাৰ জৰিয়তে কালি চাৰিখন জিলাৰ উপায়ুক্ত ৰদ-বদল কৰিছে। ইয়াৰ লগতে ৰাজ্যৰ পৰিবহণ বিভাগৰ নতুন আয়ুক্ত হিচাপে নিযুক্তি দিছে আইএএছ বিষয়া আদিল খানক। প্ৰাপ্ত তথ্য মতে বঙাইগাঁৱৰ বৰ্তমানৰ উপায়ুক্ত আদিল খানক পদোন্নতিসহ পৰিবহন আয়ুক্ত হিচাপে নিযুক্তি দিছে।

তেওঁক অতিৰিক্ত দায়িত্ব অৰ্পন কৰা হৈছে আভ্যন্তৰীণ জলপৰিবহণৰ প্ৰকল্প সঞ্চালক হিচাপে। তিনিচুকীয়া জিলাৰ উপায়ুক্ত অইনাম শাৰনকুমাৰ সিঙক বদলি কৰা হৈছে অসম উদ্যোগীক উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক পদবীলৈ। কামৰূপ মহানগৰৰ অতিৰিক্ত উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰা ডাঃ ছাদনেক সিঙক বঙাইগাঁও জিলাৰ নতুন উপায়ুক্ত হিচাপে পদোন্নতিসহ বদলি কৰা হৈছে।

তেওঁ বৰ্তমানৰ উপায়ুক্ত আদিল হুছেইনৰ স্থানত কাৰ্যনিৰ্বাহ কৰিব। জ্যেষ্ঠ এচিএছ বিষয়া তথা বাস্কা জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ভাস্কৰ পেগুক তিনিচুকীয়া জিলাৰ উপায়ুক্ত পদলৈ বদলি কৰা হৈছে। ইয়াৰ বিপৰীতে অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত সচিব হিচাপে কৰ্মৰত জ্যেষ্ঠ এচিএছ বিষয়া ৰঞ্জন শৰ্মাক বাস্কা জিলাৰ উপায়ুক্ত পদলৈ বদলি কৰা হৈছে।

1 COMMENT

  1. hi!,I like your writing so much! share we communicate more about your post on AOL? I need an expert on this area to solve my problem. May be that’s you! Looking forward to see you.

LEAVE A REPLY

Please enter your comment!
Please enter your name here