Home Breaking মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিস্থিতিক লৈ উৎকণ্ঠা অব্যাহতঃ কৃষকৰ সমস্যাৰ অজুহাতত আহমেদ পেটেলে সাক্ষাৎ...

মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিস্থিতিক লৈ উৎকণ্ঠা অব্যাহতঃ কৃষকৰ সমস্যাৰ অজুহাতত আহমেদ পেটেলে সাক্ষাৎ কৰে পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক

31
1

ডিজিটেল বাৰ্তাঃ মহাৰাষ্ট্ৰৰ পৰৱৰ্তী চৰকাৰ গঠনৰ ক্ষেত্ৰত ওৰ পৰা নাই অনিশ্চিয়তাৰ। ইয়াৰ বিপৰীতে প্ৰতিদিনে উৎকণ্ঠা বৃদ্ধি পাইছে। শেহতীয়াকৈ বিজেপি আৰু শিৱসেনাই পৰস্পৰক এৰাই চলিবলৈ আৰম্ভ কৰাৰ লগে লগে বিকল্প চৰকাৰৰ চিন্তা কৰা হৈছে। তাৰ অংশ হিচাপেই কংগ্ৰেছ জ্যেষ্ঠ নেতা আহমেদ পেটেলে মহাৰাষ্ট্ৰৰ কৃষকৰ সমস্যাৰ কাৰণে কেন্দ্ৰৰ পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰে।

প্ৰণিধানযোগ্য এয়ে আহমেদ পেটেল গুজৰাটৰ নাগৰিক আৰু বৰ্তমান ৰাজ্যসভাৰ সদস্য। তেনেস্থলত মহাৰাষ্ট্ৰৰ কৃষকৰ সমস্যা আলোচনা কৰিবলৈ পথ পৰিবহন মন্ত্ৰীক সাক্ষাৎ কৰাটোৱে তাৎপৰ্য বহন কৰিছে। ভূ ৰখা মহলৰ সূত্ৰ মতে নীতিন গাডকাৰী এহাতেদি মোডী চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী আৰু অন্যহাতেদি আৰএছএছৰ ঘনিষ্ঠ। সেয়েহে আহমেদ পেটেলে ভুৱা অজুহাত দেখুৱাই নীতিন গাডকাৰীক সাক্ষাৎ কৰে আৰু মহাৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিস্থিতিৰ বিষয়ে বুজ লয়।

ইয়াৰ পূৰ্বেও মহাৰাষ্ট্ৰৰ এনচিপিৰ নেতা শাৰদ পাৱাৰে ছোনিয়া গান্ধীক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ বিষয়টো আলোচনা কৰে। শিৱসেনাই বিজেপিৰ সংগ এৰি এনচিপি আৰু কংগ্ৰেছৰ সমৰ্থন চৰকাৰ গঠনৰ বাবে প্ৰস্তাৱ আগবঢ়াইছে। ইয়াৰ বিপৰীতে বিজেপিয়ে পুনৰ নিৰ্বাচন বিচাৰিছে আৰু ৰাষ্ট্ৰপতি শাসন বলবৎ কৰাৰ পোষকতা কৰিছে। শাসনৰ ক্ষমতা সমভাৱে ভাগ কৰাৰ দাবীত আৰু আঢ়ৈ বছৰকৈ মুখ্যমন্ত্ৰীৰ পদ ভগাই লোৱাৰ দাবীত অটল হৈ আছে শিৱসেনা। এনেকৈয়ে পৰৱৰ্তী চৰকাৰ গঠনৰ ক্ষেত্ৰত মহাৰাষ্ট্ৰত দেখা দিয়া অচলাৱস্থাৰ বিষয়ত নিতৌ নতুন সমীকৰণ আৰম্ভ হৈছে।

1 COMMENT

  1. I haven’t checked in here for some time because I thought it was getting boring, but the last several posts are great quality so I guess I will add you back to my daily bloglist. You deserve it my friend 🙂

LEAVE A REPLY

Please enter your comment!
Please enter your name here