Home অসম দেশী-বিদেশী পৰ্যটকৰ বাবে এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্য মুকলিঃ মুকলি অনুষ্ঠানত চালকৰ...

দেশী-বিদেশী পৰ্যটকৰ বাবে এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰণ্য মুকলিঃ মুকলি অনুষ্ঠানত চালকৰ ৰূপত বনমন্ত্ৰী পৰিমল শুক্লবদ্য

17
0
Parimal Suklabaidya Forest Minister driving Pobitora safari jeep during the opening day of Pabitora Wild life Sanctuary for Tourist during the rainy season at Pabitora

দৈনন্দিন বাৰ্তা, ডিজিটেল সেৱা, জাগীৰোডঃ জীপ চালক হ’ল বনমন্ত্ৰী পৰিমল শুক্লবদ্য। বহু প্ৰতীক্ষাৰ অন্তত মুকলি হ’ল পবিতৰা অভয়াৰণ্য। দেশী-বিদেশী পৰ্যটকৰ বাবে এই বৰ্ষত সাজু ২০ খন জীপ ছাফাৰী আৰু ১০ টাকৈ বিভাগীয় হাতী ছাফাৰী। এশিঙীয়া গঁড়ৰ ৰম্যভূমি পবিতৰা অভয়াৰন্যত ফিতা কাটি হাতী ছাফাৰী লগতে জীপ ছাফাৰী চলাই বনমন্ত্ৰী পৰিমল শুক্লবদ্যই মুকলি কৰিলে অভয়াৰন্যখন।

Parimal Suklabaidya Forest Minister and Pijush Hazarika Minister of State Health elephants safari during the opening day of Pabitora Wild life Sanctuary for Tourist during the rainy season at Pabitora

উপস্থিত স্থানীয় বিধায়ক তথা ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা আৰু মায়ঙৰ ৰজা তৰুণী কান্ত সিংহৰ লগতে বহুকেইজন উচ্চ পদস্থ বন বিভাগৰ বিষয়া । অভয়াৰণ্য দৰ্শনৰ বাবে টিকটৰ ব্যৱস্থা বন বিভাগৰ। অভয়াৰণ্যখনত সম্প্ৰতি ১০২ টা গঁড়, পাঁচ শতাধিক বনৰীয়া মহ, সহস্ৰাধিক বন গাহৰিৰ লগতে বহুকেইটা প্ৰজাতিৰ বন গাহৰি উপৰিও ৩৮৫ প্ৰজাতিৰ দেশী-বিদেশী পৰিভ্ৰমী পক্ষী ।

বিগত বৰ্ষত দেশী-বিদেশী পৰ্যটকৰ পৰা ৬৩ লাখ কৰ সংগ্ৰহ হৈছিল। কিন্তু অভয়াৰন্যখনত এইবাৰ নামৰ ভাইৰাচত দুটা ম’হৰ মৃত্যুৰ বাবেই ২২ অক্টোবৰত মুকলি হ’বলগীয়া অভয়াৰন্যখন পিছুৱাই দিয়া হৈছিল । বহু প্ৰতীক্ষাৰ অন্তত এক উখল-মাখল পৰিবেশৰ মাজতে মুকলি হল অভয়াৰণ্যখন । অভয়াৰন্যখন পলমকৈ মুকলি হলেও দেশী-দেশী পৰ্যটকৰ বাবে সাজু কৰি তুলিছে বন বিভাগে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here