Home মুখ্য পৃষ্ঠা হৰ্ছ ট্ৰেডিঙৰ বিৰুদ্ধে ৰাউতৰ কঠোৰ সকিয়নী

হৰ্ছ ট্ৰেডিঙৰ বিৰুদ্ধে ৰাউতৰ কঠোৰ সকিয়নী

27
1

মুম্বাইঃ চৰকাৰ গঠনক লৈ মহাৰাষ্ট্ৰত ৰাজনৈতিক অস্থিৰতাই বিৰাজ কৰিছে। অহা ৯ নৱেম্বৰৰ ভিতৰত যিকোনো প্ৰকাৰে হ’লেও ৰাজ্যখনত চৰকাৰ গঠন হ’বই লাগিব। ইয়াৰ পৰিপ্ৰেক্ষিততে এতিয়া মহাৰাষ্ট্ৰত চলিছে বিধায়ক ক্ৰয়-বিক্ৰয়ৰ তৎপৰতা। এনে সময়তে আজি শিৱসেনাৰ শীৰ্ষ নেতা সঞ্জয় ৰাউতে দলৰ যিকোনো নিৰ্বাচিত বিধায়ককে কোনো প্ৰলোভনত ভুল নাযাবলৈ কঠোৰ সকিয়নী প্ৰদান কৰে। বিজেপি অথবা আন দলৰ প্ৰৰোচনাত ভুল যোৱা বিধায়কৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও ৰাউতে সকিয়াই দিয়ে। ইপিনে আৰ এছ এছৰ সৈতে ৰাজনৈতিক বিষয়ত কোনো আলোচনা হৈছে নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ৰাউতে কয় যে আৰ এছ এছৰ সৈতে শিৱসেনাই কোনোধৰণৰ আলোচনা কৰা নাই। মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰাৰ বাবে তৎপৰ হৈ পৰা বিজেপিয়ে এই বিষয়ত ৰণ কৌশল যুগুতাবলৈ আৰ এছ এছৰ সৈতে আলোচনা কৰাৰ সিদ্ধান্ত লৈছে। সেই মৰ্মে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী নিতিন গাডকাৰীয়ে আৰ এছ এছৰ সৈতে কথা পাতিব বুলি বিজেপিৰ এক শীৰ্ষ সূত্ৰই সাংবাদিকক জানিবলৈ দিছে।

1 COMMENT

  1. I was very pleased to find this web-site.I wanted to thanks for your time for this wonderful read!! I definitely enjoying every little bit of it and I have you bookmarked to check out new stuff you blog post.

LEAVE A REPLY

Please enter your comment!
Please enter your name here