Home মুখ্য পৃষ্ঠা কালি প্ৰসাদ চেতিয়া সোঁৱৰণী ফুটবল প্ৰতিযোগিতা : মৰাণ টাউন ক্লাৱ ফাইনেলত

কালি প্ৰসাদ চেতিয়া সোঁৱৰণী ফুটবল প্ৰতিযোগিতা : মৰাণ টাউন ক্লাৱ ফাইনেলত

102
0

কালি প্ৰসাদ চেতিয়া সোঁৱৰণী ফুটবল প্ৰতিযোগিতা : মৰাণ টাউন ক্লাৱ ফাইনেলত
—————————————————————
দৈনন্দিন বাৰ্তাLIVE@(কাৰুণা ফুকন )মৰাণ;২৪ নবেম্বৰ: অসম আন্দোলনৰ বলিষ্ঠ ছাত্ৰ নেতা কালি প্ৰসাদ চেতিয়াৰ সোঁৱৰণত সদৌ অসম ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিয়ে ২০০০ চনৰ পৰাই মৰাণ মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰি আহিছে কালি প্ৰসাদ চেতিয়া সোঁৱৰণী আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা। অসম ফুটবল সন্থাৰ স্বীকৃতি প্ৰপ্তিৰে উজনিৰ অসমৰ আগশাৰী এই আমন্ত্ৰণ মূলক ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত দ্বিতীয়খন ছেমিফাইনেল খেলত মৰাণ টাউন ক্লাৱে খুমটাই যুৱ বিকাশ মঞ্চক ৪-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। বিজয়ীদল মৰাণ টাউন ক্লাৱৰ হৈ খেলৰ ৫৭,৭১,৭৯ আৰু ৮০ মিনিটত ক্ৰমে দেৱ মিৰ্ধা,সৌৰভ বৰুৱা, জেমছ তপ্ন আৰু ৰক্তিম গগৈয়ে এটাকৈ গ’ল দিয়ে।
খেলখন পৰিচালনা কৰে ৰূপজ্যোতি মহনে। লাইনত সহায় কৰে কপিল চেতিয়া আৰু পৰিমল বুঢ়াগোঁহাইয়ে।
চতুৰ্থ ৰেফাৰী আছিল লাকী ৰঞ্জন বৰুৱা।
২৭ নৱেম্বৰত মৰাণ টাউন ক্লাৱে দুলীয়াজান ফুটবল ক্লাৱৰ বিৰুদ্ধে চূড়ান্ত খেলত চেম্পিয়ন খিতাপৰ যুঁজত অৱৰ্তীণ হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here