Home মুখ্য পৃষ্ঠা যুদ্ধবিধ্বস্ত ইৰাকত বোমা বিস্ফোৰণত বহু লোক হতাহত

যুদ্ধবিধ্বস্ত ইৰাকত বোমা বিস্ফোৰণত বহু লোক হতাহত

18
0

বাগ্দাদঃ যুদ্ধবিধ্বস্ত ইৰাকৰ ৰাজধানী চহৰ বাগ্দাদত আজি সংঘটিত শক্তিশালী বোমা বিস্ফোৰণে ১৭জন লোকৰ প্ৰাণ কাঢ়ি নিয়ে। ছিটে সম্প্ৰদায়ৰ লোকেৰে পৰিপূৰ্ণ চাদৰ নামৰ চহৰখনৰ এখন বজাৰত দুৰ্ধৰ্ষ ইছলামিক সন্ত্ৰাসবাদী সংগঠন আইছিছে এখন ট্ৰাকত স্থাপন কৰা বোমা বিস্ফোৰণৰ ফলত বজাৰখনত উপস্থিত থকাসকলৰ ভিতৰৰ ১৭জনৰ মৃত্যু ঘটে আৰু ৮০জনতকৈও অধিক লোক আহত হয়।

আহতসকলক বাগ্দাদৰ চিকিৎসালয়ত চিকিৎসাধীন কৰোৱা হৈছে। আহতসকলৰ ভিতৰৰ বহুকেইজনৰ অৱস্থা সংকটজনক হোৱালৈ চাই নিহতৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। ইতিমধ্যে আইছিছে উক্ত বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে। আজি অ’নলাইনযোগে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠনটোৱে উক্ত বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰে। উল্লেখ্য, আইছিছ সন্ত্ৰাসবাদীয়ে ইতিমধ্যে ইৰাকত ছিটে সম্প্ৰদায়ৰ বহু লোকক হত্যা কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here