Home Breaking মালিত ইছলামীক সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ

মালিত ইছলামীক সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ

23
0

বামাকঃ মালিৰ দক্ষিণ অঞ্চলত অৱস্থিত নাৰা চহৰত আজি ইছলামিক সন্ত্ৰাসবাদীয়ে অতৰ্কিতে আক্ৰমণ সংঘটিত কৰি ১২জন লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ লগতে আন কেইবাজনো লোকক গুৰুতৰভাৱে আহত কৰে। বামাক’ত চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে পেউল ইথনিক গ্ৰুপ নামৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠনটোৱে আজি পুৱাৰ ভাগতেই নাৰা চহৰত অত্যাধুুনিক অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত হৈ প্ৰৱেশ আৰু কোনো বাচ বিচাৰ নোহোৱাকৈয়ে ধাৰাসাৰ গুলীচালনা কৰিবলৈ আৰম্ভ কৰে। উক্ত গুলীচালনাত ১২জন লোক থিতাতে নিহত হোৱাৰ লগতে ৪৮জন লোক গুৰুতৰভাৱে আহত হয়। ঘটনাৰ খবৰ পোৱা মাত্ৰকে মালিৰ সেনাই সমগ্ৰ অঞ্চলটো ঘেৰি ধৰি সন্ত্ৰাসবাদীৰ সন্ধানত অভিযান চলায় যদিও সন্ত্ৰাসবাদীৰ দলটোৱে নিৰ্বিঘ্নে পলাই যাবলৈ সক্ষম হয়। পেউল ইথনিক গ্ৰুপ নামৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠনটোৱে মালিত বিগত প্ৰায় তিনি বছৰ ধৰি ব্যাপক হাৰত নৰনিধন যজ্ঞ সংঘটিত কৰি আহিছে। দেশখনৰ চৰকাৰে সন্ত্ৰাসবাদী সংগঠনটোক উৎখাট কৰিবলৈ পাৰ্যমানে চেষ্টা চলাই আহিছে যদিও সফল হ’ব পৰা নাই। পেউল ইথনিক গ্ৰুপ নামৰ ইছলামিক সন্ত্ৰাসবাদী সংগঠনটোৱে অল কায়দাৰ দৰে দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠনৰ সহায় লৈ দেশখনত ব্যাপক কূটাঘাত সংঘটিত কৰি আহিছে। মালিৰ চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা মতে সম্প্ৰতি পেউল ইথনিক গ্ৰুপ সংগঠনটোত কমেও চাৰি হাজাৰ সদস্য আছে। শেহতীয়াকৈ আইছিছেও সন্ত্ৰাসবাদী সংগঠনটোক অস্ত্ৰ-শস্ত্ৰ আৰু ধনেৰে সহায় কৰা বুলি মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে। ইতিমধ্যে পেউল ইথনিক গ্ৰুপ সংগঠনটোক আমেৰিকাই নিষিদ্ধ ঘোষণা কৰিছে। মাৰ্কিন সেনাই মালি চৰকাৰৰ অনুমতি পালেই সংগঠনটোৰ বিৰুদ্ধে অভিযান চলাব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here