Home মুখ্য পৃষ্ঠা য়েমেনক জোকাৰি গ’ল বিধ্বংসী সাগৰীয় ঘূৰ্ণিয়ে

য়েমেনক জোকাৰি গ’ল বিধ্বংসী সাগৰীয় ঘূৰ্ণিয়ে

29
1

ছানাঃ যুদ্ধ বিধ্বস্ত য়েমেনত এইবাৰ প্ৰকৃতিয়েও ৰুঢ় ৰূপ ধাৰণ কৰিছে। যোৱা নিশাৰে পৰা দেশখনৰ পূব আৰু উত্তৰ প্ৰান্তক জোকাৰি গৈছে বিধ্বংসী সাগৰীয় ঘূৰ্ণীয়ে। বিগত সাত বছৰৰ ভিতৰত এইবাৰৰ ঘূৰ্ণীয়েই আটাইতকৈ বিধ্বংসী বুলি ভবা হৈছে। সাগৰীয় ঘূৰ্ণীৰ ফলত য়েমেনৰ পূব আৰু উত্তৰ প্ৰান্তৰ হাজাৰ হাজাৰ বাসগৃহ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বহু হেক্টৰ অঞ্চলৰ গছ-গছনি আদি উভালি পৰিছে। ঘূৰ্ণীৰ ফলত দেশখনৰ প্ৰায়ভাগ অঞ্চলতেই বিদ্যুৎ পৰিবাহী খুঁটা উভালি পৰাৰ ফলত ঘোৰ আন্ধাৰে বহু অঞ্চল ছানি ধৰিছে। ঘূৰ্ণীৰ ফলত পূব আৰু উত্তৰ প্ৰান্তৰ পৰা কেইবা হাজাৰ লোকে নিৰাপদ আশ্ৰয় বিচাৰি পলায়ন কৰা বুলি জানিব পৰা গৈছে। ইতিমধ্যে য়েমেনৰ চৰকাৰে ঘূৰ্ণী আক্ৰান্ত অঞ্চলসমূহত যুদ্ধকালীন তৎপৰতাৰে উদ্ধাৰ তথা সাহায্য অভিযান আৰম্ভ কৰিছে। এই অভিযানত ৰাছিয়া আৰু আমেৰিকাৰ সেনায়ো সহযোগিতা আগবঢ়াইছে। ঘূৰ্ণীৰ পিছৰে পৰাই শতাধিক লোক নিৰুদ্দেশ হৈ থকা বুলি জানিব পৰা গৈছে। এতিয়ালৈকে ঘূৰ্ণীৰ ফলত মৃত্যু ঘটা লোকৰ কোনো তথ্য জানিব পৰা হোৱা নাই। ইপিনে ফিজিত কালিৰে পৰা হোৱা সাগৰীয় ঘূৰ্ণিৰ ফলত নিহত লোকৰ সংখ্যা ২০জনলৈ বৃদ্ধি পাইছে। এতিয়াও তিনি শতাধিক লোক সন্ধানহীন হৈ আছে বুলি ফিজিৰ চৰকাৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰিছে।

1 COMMENT

  1. Great paintings! That is the kind of information that are meant to be shared around the net. Disgrace on the seek engines for not positioning this publish higher! Come on over and seek advice from my web site . Thank you =)

LEAVE A REPLY

Please enter your comment!
Please enter your name here