Home মুখ্য পৃষ্ঠা উদ্বিগ্ন চৰকাৰঃ প্ৰতিৰক্ষা বাহিনীত বৃদ্ধি আত্মহত্যাৰ প্ৰৱণতা

উদ্বিগ্ন চৰকাৰঃ প্ৰতিৰক্ষা বাহিনীত বৃদ্ধি আত্মহত্যাৰ প্ৰৱণতা

33
2

নতুন দিল্লীঃ দেশৰ অৰ্ধসামৰিক বাহিনীৰ সদস্যৰ মাজত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে আত্মহত্যাৰ প্ৰৱণতা। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে মুকলি কৰা শেহতীয়া তথ্য অনুসৰি, বিগত পাঁচ বছৰত মুঠ ৪৩৬জন অৰ্ধসামৰিক বাহিনীৰ সদস্যই আত্মহত্যা কৰিছে। অৰ্থাৎ প্ৰত্যেক তিনি দিনত এজন জোৱানে আত্মহত্যা কৰি আহিছে। হতাশা, অত্যধিক কাম আৰু বেয়া পৰিস্থিতিত কম কৰিবলগীয়া হোৱাৰ বাবেই অৰ্ধসামৰিক বাহিনীৰ জোৱানসকলে আত্মহত্যা কৰিছিল। আনহাতে, অৰ্ধসামৰিক বাহিনীসমূহৰ ভিতৰত চি আৰ পি এফৰ জোৱানসকলৰ মাজত আত্মহত্যাৰ প্ৰৱণতা অত্যধিক বুলি গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। অৰ্ধসামৰিক বাহিনীসমূহত সংঘটিত হোৱা মুঠ আত্মহননৰ ঘটনাৰ ৪০ শতংশই সংঘটিত হয় চি আৰ পি এফত। ২০০৯ বৰ্ষৰ পৰা ২০১৯ বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰত মুঠ ২০৪জন চি আৰ পি এফৰ জোৱানে আত্মহত্যা কৰিছিল। চি আৰ পি এফৰ পিছতে এইক্ষেত্ৰত দ্বিতীয় স্থানত আছে বি এছ এফ। বিগত ৫ বছৰত মুঠ ১৭২জন বি এছ এফৰ জোৱানে আত্মহত্যাৰ পথ বাছি লৈছে। গৃহ মন্ত্ৰালয়ৰ বিষয়াসকলে প্ৰকাশ কৰে যে ক্ৰমাৎ বৃদ্ধি পোৱা আত্মহননৰ কাৰণ চিনাক্ত কৰাটো প্ৰয়োজনীয়। অৱশ্যে আত্মহননৰ কাৰণ কৰ্তব্যৰ সৈতে জড়িত নে ব্যক্তিগত, সেয়া এতিয়ালৈকে নিশ্চিত নহয় বুলি প্ৰকাশ কৰে গৃহ মন্ত্ৰালয়ে। এন এছ জিৰ প্ৰাক্তন সঞ্চালক বেদ মৰৱাহে প্ৰকাশ কৰে যে আত্মহত্যাৰ ঘটনা বৃদ্ধি পোৱাটো চিন্তাজনক আৰু চৰকাৰে এইক্ষেত্ৰত এক অধ্যয়ন কৰাটো প্ৰয়োজনীয়। এক বিশেষ সূত্ৰই সদৰী কৰা অনুসৰি, চি আৰ পি এফ হৈছে সবাতোকৈ কৰ্মব্যস্ত বাহিনী।

2 COMMENTS

  1. I do accept as true with all of the concepts you’ve offered on your post.
    They’re very convincing and will certainly work. Nonetheless, the posts are too quick for beginners.

    May you please extend them a little from next time? Thank you for the post.

  2. Выбор правильной букмекерской
    конторы является довольно щепетильным вопросом, в
    особенности, для начинающих беттеров.
    Для того чтобы не “гадать на кофейной гуще”, не рисковать собственным временем и деньгами, лучше просто выбрать контору 1xBet, ведь
    ей доверяют миллионы клиентов по всему миру, и не только в России либо других
    странах СНГ.

LEAVE A REPLY

Please enter your comment!
Please enter your name here