Home Breaking যোগান মন্ত্ৰীৰ বৈঠকৰ পিছতে দহ টকাকৈ দাম বাঢ়িল পিয়াঁজৰঃ এইবাৰ আলুৰ দামো...

যোগান মন্ত্ৰীৰ বৈঠকৰ পিছতে দহ টকাকৈ দাম বাঢ়িল পিয়াঁজৰঃ এইবাৰ আলুৰ দামো বৃদ্ধিঃ ফাঁচী বজাৰৰ আলু-পিয়াঁজৰ ছিণ্ডিকেটক লৈ নিৰৱ দিছপুৰ

20
0

দৈনন্দিন বাৰ্তাৰ প্ৰতিনিধি,৭ নৱেম্বৰঃ হুৰাহোৰে বাঢ়িছে আলু-পিয়াঁজৰ দাম। ৰাইজে সমালোচনাৰে থকা-সৰকা কৰিছে যোগান বিভাগক। সেয়েহে ৰাইজক দেখুৱাই এখন বৈঠকৰ আয়োজন কৰে খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে। কিন্তু এই বৈঠকৰ পিছতে দহ টকাকৈ বাঢ়িল পিয়াঁজৰ দাম। ৰাতিটোৰ ভিতৰতে আলুৰ দামো বৃদ্ধি হ’ল। যোগান মন্ত্ৰীৰ বৈঠকৰ পিছত সামগ্ৰীৰ দাম বৃদ্ধিৰ ৰহস্য ৰাইজে বুজি পোৱা নাই। সেয়েহে দাম হ্ৰাস কৰিবলৈ নে বৃদ্ধি কৰিবলৈ ফাঁচী বজাৰৰ বণিয়াৰে মন্ত্ৰী ফণীভূষণে বৈঠক পাতিছিল তাক লৈ বিভিন্নজনে প্ৰশ্ন কৰিছে।

প্ৰণিধানযোগ্য এয়ে যে ফাঁচী বজাৰত আলু-পিয়াঁজৰ ছিণ্ডিকেটৰ অভিযোগ নতুন নহয়। দিছপুৰত যি দলেৰে চৰকাৰ নহওক কিয়, আলু-পিয়াঁজৰ ছিণ্ডিকেটধাৰীৰ ওচৰত দিছপুৰ নতশিৰ হয়। ইয়াৰ আঁৰত কোটি কোটি টকাৰ লেনদেনৰ অভিযোগ আছে। ৰাতিৰ ভিতৰতে কেৱল আলু-পিয়াঁজৰ নামতে হাজাৰ কোটি টকাৰ কমিছন সংগ্ৰহ হয়। বৰ্হিৰাজ্যত এতিয়াও পিয়াঁজৰ দাম ৪০-৫০ টকাৰ মাজতে আছে। যোৱা প্ৰায় তিনি মাহ ধৰি অসমত পিয়াঁজৰ দাম ৬০ টকা হৈ থাকিল।

চাৰিদিনৰ পূৰ্বে হ’ল প্ৰতিকিলোত ৭০ টকা। কালি যোগান মন্ত্ৰীয়ে সভা পাতি পিয়াঁজৰ ৬৬ টকা হ’ব বুলি ঘোষণা কৰিছিল। কিন্তু আজি পুৱাই ৰাইজে বজাৰে বজাৰে চলাথ কৰিছে ৬৬ টকীয়া পিয়াঁজ বিচাৰি। ব্যৱসায়ীয়ে গ্ৰাহকক আগবঢ়াইছে দিছে ৭৫-৮০ টকীয়া পিয়াঁজহে। যোগান বিভাগে দুটা ট’লফ্ৰি নম্বৰ দিছে। ইয়াৰে এটাই কেৱল এটকীয়া চাউল-কেৰাচিন আদি ৰেছন কাৰ্ডৰ সামগ্ৰী অভিযোগহে গ্ৰহণ কৰে। অন্যটো ট’লফ্ৰি নম্বৰ মৃত। এনেকৈয়ে ৰাজ্যবাসীক আভুৱাভাৰি চৰকাৰে ফাঁচী বজাৰৰ চিণ্ডিকেটধাৰীক মুক্তহস্তে দাম বৃদ্ধিৰ উৎসাহ যোগায় আহিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here