Home Breaking তামিলনাডুৰ বাটে-পথে ভিক্ষা কৰিছে জয়মালাইঃ অসমৰ হাতীক লৈ বহিঃৰাজ্যৰ মন্দিৰ সমিতিৰ ব্যৱসায়

তামিলনাডুৰ বাটে-পথে ভিক্ষা কৰিছে জয়মালাইঃ অসমৰ হাতীক লৈ বহিঃৰাজ্যৰ মন্দিৰ সমিতিৰ ব্যৱসায়

21
0

ডিজিটেল বাৰ্তাঃ মাত্ৰ ছয় মাহৰ বাবে জয়মালাক নিয়া হৈছিল তামিলনাডুলৈ। ৰাজ্যখনৰ শ্ৰীভিল্লীপুথুৰত অৱস্থিত নাছিয়াৰ মন্দিৰত ধৰ্মীয় উৎসৱত অংশ ল’বলৈ ২০০৮ চনত অসমৰ পৰা মন্দিৰ কৰ্তৃপক্ষই লৈ গৈছিল।

কিন্তু বিগত এঘাৰ বছৰে মন্দিৰ কৰ্তৃপক্ষই জয়মালাক অসমলৈ ঘূৰাই নপঠালে। ইয়াৰ বিপৰীতে ৰাজ্যখনৰ বাটে-পথে এতিয়া জয়মালাই ভিক্ষা কৰে আৰু সেই ভিক্ষাৰ অংশ মন্দিৰ কৰ্তৃপক্ষই কাঢ়ি ৰাখি থয় নিজৰ বাবে। এনেকৈয়ে এক নিৰ্দয় পৰিৱেশত বিগত এঘাৰ বছৰে নিৰ্যাতন মূৰ পাতি লৈ জীয়াই আছে জয়মালা।

অলপতে বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত জয়মালাৰ এই হাহাকাৰ অৱস্থা সংবাদ আকাৰত পৰিৱেশন কৰা হৈছিল। তথাপিতো অসম চৰকাৰৰ বিয়াগোম বন বিভাগে পদক্ষেপ লোৱা নাই। ৰঞ্জনা গুপ্তা নামৰ মুখ্য বন্যপ্ৰাণী সংৰক্ষকগৰাকী বোলে জয়মালাৰ বিষয়ে অৱগত নহয়। ফলস্বৰূপে বিভিন্ন চল-চাতুৰীৰে অসমৰ পৰা দক্ষিণ ভাৰতৰ একাংশ মন্দিৰ সমিতিয়ে হাতী লৈ যোৱাৰ পিছত নানা নিৰ্যাতনৰ মাজেৰে এই অবোধ বন্যপ্ৰাণীক বন্দী কৰি ৰখাটো স্পষ্ট হৈ পৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here