Home Breaking দেশজুৰি ৰেড এলাৰ্ট জাৰি গৃহ বিভাগৰঃ অচিৰেই অযোধ্যা গোচৰৰ চূড়ান্ত ৰায়ঃ কেন্দ্ৰই...

দেশজুৰি ৰেড এলাৰ্ট জাৰি গৃহ বিভাগৰঃ অচিৰেই অযোধ্যা গোচৰৰ চূড়ান্ত ৰায়ঃ কেন্দ্ৰই পৰিস্থিতিৰ বুজ ল’লে যোগী আদিত্য নাথৰ পৰা

26
0

ডিজিটেল বাৰ্তাঃ অচিৰেই ঘোষণা কৰা হ’ব অযোধ্যাৰ বহু চৰ্চিত গোচৰৰ চূড়ান্ত ৰায়। ৰাম জন্মভূমি-বাবৰি মছজিদৰ বিতৰ্কিত আৰু তিনি দশক জোৰা গোচৰৰ চূড়ান্ত ৰায় ঘোষণা কৰিবলৈ সাজু হৈছে উচ্চতম ন্যায়ালয়। ইয়াৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে আজি সকলো ৰাজ্যলৈ পৰামৰ্শমূলকভাৱে ৰেড এলাৰ্ট জাৰি কৰিছে। যিহেতু যিকোনো সময়তে আগন্তুক এসপ্তাহৰ ভিতৰত উক্ত গোচৰৰ চূড়ান্ত ৰায় প্ৰকাশ কৰা হ’ব, ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্যকে সতৰ্ক আৰু সক্ৰিয় হৈ থাকিবলৈ পৰামৰ্শ দিছে।

ইফালে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে নিজেই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথৰ সৈতে যোগাযোগ কৰি অযোধ্যা আৰু সমগ্ৰ ৰাজ্যখনৰে নিৰাপত্তাৰ ব্যৱস্থা তথা আইন-শৃংখলাৰ পৰিস্থিতি বুজ লয়। এইক্ষেত্ৰত কেন্দ্ৰই সকলো সহায় আৰু নিৰাপত্তা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰী গৰাকীক অৱগত কৰিছে। উল্লেখ্য যে নিৰাপত্তাৰ বাবে ইতিমধ্যে উত্তৰ প্ৰদেশত উপস্থিত হৈছে ৪০ টা কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ কোম্পনী।

য’ত চাৰি হাজাৰ জোৱান আছে। ইয়াৰ লগতে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ষোল্লটা কোম্পানী, ইন্দু-তিবেবত ব’ৰ্ডাৰ পুলিচৰ ছয়টা কোম্পানী, কেন্দ্ৰীয় উদ্যোগীক নিৰাপত্তা বাহিনীৰ ছটা কোম্পানী, এছএছবি আৰু ৰেপিট এক্সন ফৰ্চৰ ছটাকৈ কোম্পানী উত্তৰ প্ৰদেশত মজুত আছে। সমগ্ৰ অযোধ্যা জিলাখনৰ অলিয়ে গলিয়ে সশস্ত্ৰ সেনাই তহল দিছে। স্থানীয় আম্বেদকাৰ নগৰৰ বিভিন্ন স্থানত আঠটা অস্থায়ী কাৰাগাৰ স্থাপন কৰিছে। আকবৰপুৰ, টান্দা, দালালপুৰ, জায়িদপুৰ, ভিটি আৰু আল্লপুৰ অঞ্চলত এই অস্থায়ী কাৰাগাৰকেইটা স্থাপন কৰা হৈছে।

ইয়াৰোপৰি অযোধ্যাত অনিৰ্দিষ্ট কালৰ বাবে ১৪৪ ধাৰা জাৰি কৰা হৈছে। উল্লেখ্য যে দেশৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে অহা ১৭ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে তেওঁ অযোধ্যা গোচৰৰ ৰায়দান কৰাটো নিশ্চিত। কাৰণ ৰঞ্জন গগৈৰ নেতৃত্বত পাঁচজনীয়া ন্যায়াধীশৰ বিচাৰপীঠে উক্ত বিতৰ্কিত গোচৰটো শুনানী একেৰাহে চল্লিশ দিন গ্ৰহণ কৰিছিল।

ইয়াৰ পিছত ৰায়দান সাময়িকভাৱে স্থগিত ৰাখিছিল আৰু অচিৰেই এই ৰায় ঘোষণা কৰিব। সেয়েহে উক্ত গোচৰৰ ৰায়দানৰ সময়ত যাতে অযোধ্যাকে ধৰি উত্তৰ প্ৰদেশ আৰু সমগ্ৰ দেশৰ কোনো স্থানতে অপ্ৰীতিকৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ বাবে সতৰ্ক হৈছে চৰকাৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here