Home মুখ্য পৃষ্ঠা মহাৰাষ্ট্ৰৰ ৰাজনীতিলৈ ঘূৰি নাযায় গাডকাৰীঃ নতুন মুখ্যমন্ত্ৰী হিচাপে চৰ্চিত হোৱাৰ সময়তে স্থিতি...

মহাৰাষ্ট্ৰৰ ৰাজনীতিলৈ ঘূৰি নাযায় গাডকাৰীঃ নতুন মুখ্যমন্ত্ৰী হিচাপে চৰ্চিত হোৱাৰ সময়তে স্থিতি স্পষ্ট কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে

20
0

ডিজিটেল বাৰ্তাঃ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে মহাৰাষ্ট্ৰৰ ৰাজনীতিলৈ ঘূৰি যাবলৈ অস্বীকাৰ কৰিছে। ইয়াৰ পৰিৱৰ্তে কেন্দ্ৰৰ মন্ত্ৰীসভাত থাকি ৰাষ্ট্ৰীয় ৰাজনীতিত সুখী বুলি মত প্ৰকাশ কৰিছে।

তেওঁ অৱশ্যে আশা কৰে যে মহাৰাষ্ট্ৰত বিজেপি-শিৱসেনাৰ মিত্ৰজোঁটৰ চৰকাৰ হ’ব আৰু ইয়াৰ বাবে আলোচনা অব্যাহত আছে। উল্লেখ্য যে মহাৰাষ্ট্ৰৰ বিজেপি বিধায়িনী দলৰ নেতা দেৱেন্দ্ৰ ফাড়ণাবিজে নিজকে পৰৱৰ্তী মুখ্যমন্ত্ৰী বুলি ঘোষণা কৰি যোৱা প্ৰায় এপষেকত তিনিবাৰমান শপত গ্ৰহণৰ দিন চূড়ান্ত কৰিছিল। তথাপি বৰ্তমানলৈকে শপত ল’বলৈ সক্ষম হোৱা নাই। বিশেষকৈ প্ৰাক্ নিৰ্বাচনী বুজাবুজি অনুসৰি শিৱসেনাই মুখ্যমন্ত্ৰীৰ পদবীকে ধৰি মন্ত্ৰীসভাৰ সদস্যৰ পদ সমানে ভগাই লোৱাৰ দাবী কৰিছে।

আঢ়ৈ বছৰকৈ মুখ্যমন্ত্ৰীৰ পদ বিজেপি আৰু শিৱসেনাই লাভ কৰিব লাগে বুলি আকোৰগোজ হৈ আছে। তেনেস্থলত চৰকাৰ গঠনৰ বাবে অচলাৱস্থা অব্যাহত আছে। সেয়েহে বিকল্প এজন মুখ্যমন্ত্ৰীৰ জৰিয়তে বিজেপিয়ে মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰিবলৈ প্ৰচেষ্টা চলাইছে। এইক্ষেত্ৰত নাগপুৰ সংসদীয় সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ নাম সৰ্বাধিক উচ্চাৰিত হৈছে।

ৰাজ্যখনত বিজেপিয়ে ১০৫ আৰু শিৱসেনাই ৫৬ টা সমষ্টিত জয়ী হৈছে। বিৰোধী জোটৰ কংগ্ৰেছে ৪৪ আৰু এনচিপিয়ে ৫৪ টা সমষ্টি দখল কৰিছে। শিৱসেনাই কংগ্ৰেছ-এনচিপিৰ সমৰ্থনত চৰকাৰ গঠনৰ প্ৰচেষ্টা চলাই আছে। ইয়াৰ বাবেই নীতিন গাডকাৰীক মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত কৰি শিৱসেনা আৰু অন্যান্য বিৰোধী দলৰ সমৰ্থন আদায়ৰ বাবে বিজেপিয়ে তৎপৰ হৈছে। ইয়াৰ মাজতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আহমেদ পেটেলে নীতিন গাডকাৰীক সাক্ষাৎ কৰা বিষয়টোৱে তাৎপৰ্য বহন কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here