Home Breaking নগাঁও আদালতৰ ৰায়দানঃ তিনি হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড

নগাঁও আদালতৰ ৰায়দানঃ তিনি হত্যাকাৰীক যাৱজ্জীৱন কাৰাদণ্ড

28
0

দৈনন্দিন বাৰ্তাৰ সেৱা, নগাঁওঃ এক হত্যাৰ গোচৰত অভিযুক্ত তিনি অপৰাধীক নগাঁৱৰ অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ (৩ নং) ৰৌশন আৰা ৰহমানৰ আদালতে যাৱজ্জীৱন কৰাদণ্ডৰে দণ্ডিত কৰিছে। গোচৰটোৰ চৰকাৰী জ্যেষ্ঠ অধিবক্তা বিভা ফুকনে জানিবলৈ দিয়া মতে, নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত শালনা উৰিয়া বস্তিৰ জগন্নাথ পাত্ৰ (৩৫), সঞ্জু দেউৰী (২৫) আৰু মেঘনাথ পাত্ৰ (২৬)ক এক হত্যাৰ গোচৰত অভিযুক্ত কৰি উল্লেখিত আদালতে ভাৰতীয় দণ্ড বিধি আইনৰ ৩০২য৩৪ ধাৰা অনুসৰি দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড বিহাৰ লগতে প্ৰত্যেককে ১০ হাজাৰ টকাৰ জৰিমনা বিহে।

জৰিমনা আদায় দিব নোৱাৰিলে লোক তিনিজনে অতিৰিক্ত ছমাহৰ জেল খাটিবলগীয়া হ’ব। উল্লেখ্য যে যোৱা ২০১৮ বৰ্ষৰ ২৬ জানুৱাৰীৰ নিশা অভিযুক্ত লোক তিনিজনে স্থানীয় শালনা জটিয়া পথাৰ গাঁৱৰ মেধাসম্পন্ন উচ্চ শিক্ষিত তথা কাৰ্বি আংলং জিলাৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষক কৰ্ণেশ্বৰ গঞ্জুক নিৰ্মমভাৱে প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰিছিল।

পিছত সেই বৰ্ষৰ ২ ফেব্ৰুৱাৰীত শিক্ষকজনৰ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল। লক্ষ্যনীয় বিষয় এই যে ভুক্তভোগী কৰ্নেশ্বৰ গঞ্জুৰ প্ৰেয়সীক অভিযুক্তসকলৰ ভিতৰত সঞ্জু দেউৰীয়ে প্ৰেমৰ প্ৰস্থাৱ দিয়াত তেওঁ সেই প্ৰস্তাব নাকচ কৰিছিল। যাৰ বাবে ক্ষুব্ধ সঞ্জু দেউৰীয়ে প্ৰেমিক কৰ্ণেশ্বৰ গঞ্জুক জগন্নাথ পাত্ৰ আৰু মেঘনাথ পাত্ৰৰ লগত মিলি অতি নিৰ্মমভাৱে প্ৰহাৰ কৰি হত্যা কৰিছিল।

তেতিয়াই ঘটনা সন্দৰ্ভত ভুক্তভোগী কৰ্ণেশ্বৰৰ শিক্ষক পিতৃ সাতাৱন গঞ্জুয়ে স্থানীয় চামগুৰি আৰক্ষী থানাত এক গোচৰ তৰে। পিছত আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ৫৭/১৮ নম্বৰত গোচৰ ৰুজু কৰে। এই গোচৰৰ ভিত্তিতে তদন্তকাৰী আৰক্ষী বিষয়া বিজু কিংকৰ বসুমতাৰীয়ে অতি ক্ষিপ্ৰতাৰে তদন্ত কৰি সংশ্লিষ্ট আদালতত চাৰ্জ শ্বীট দাখিল কৰে। অতি কম দিনৰ ভিতৰত আৰক্ষী বিষয়াগৰাকীয়ে আদালতত অভিযোগনামা দাখিল কৰাৰ বাবে দুবছৰ নৌযাওতেই অপৰাধীক দোষী সাব্যস্ত কৰি কঠোৰ শাস্তি দিবলৈ সক্ষম হ’ল বুলি মন্তব্য কৰিছে গোচৰটোৰ জ্যেষ্ঠ চৰকাৰী অধিবক্তা বিভা ফুকনে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here